Assam CM on AFSPA: অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ’ব AFSPA
গুৱাহাটী, ২৩ মে’: ২০২৩ চনৰ শেষৰ ফালে অসমৰ পৰা আফছপা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লৈছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই (AFSPA will be withdrawn completely from Assam) । এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, (AFSPA) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লোৱা হৈছে আৰু এই বছৰৰ শেষৰ ফালে সমগ্ৰ অসমৰ পৰা এই আইন প্ৰত্যাহাৰ হ’ব । উল্লেখযোগ্য যে, অসমৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যৰ বিৰোধী দল-সংগঠনসমূহে দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল ।
একে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, ‘আমাৰ আৰক্ষী বাহিনীক প্ৰশিক্ষণ দিবলৈ প্ৰাক্তন সামৰিক জোৱানকো কামত লগাব লাগিব’ (Assam CM Himanta Biswa Sarma tweet)। অসমত আৰক্ষীৰ আধুনিকীকৰণ আনিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ কথাও সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত কামাণ্ডেণ্টসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে (Assam CM at Dergaon Police academy)।
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, ‘নৱেম্বৰৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ পৰা AFSPA উঠাই লোৱা হ’ব (Assam CM announcement on AFSPA) । ইয়াৰ ফলত চিএপিএফৰ ঠাইত অসম আৰক্ষী বেটেলিয়নৰ সুবিধা হ’ব । অৱশ্যে আইনৰ দ্বাৰা প্ৰয়োজনীয় চিএপিএফৰ উপস্থিতি স্থাপন হ’ব ।’- সন্মিলনত দিয়া ভাষণৰ এটা উল্লেখযোগ্য দিশত এইদৰে কোৱা হৈছে । মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় যে, কমাণ্ডেণ্ট আৰু অসম আৰক্ষী বেটেলিয়নে লোৱা গুৰুত্বপূৰ্ণ ভূমিকা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে । সন্মিলনখন প্ৰতি ছমাহৰ মূৰে মূৰে আয়োজন কৰা হ’ব । অসম আৰক্ষী বেটেলিয়নক নিজৰ কাৰ্যভাৰ পূৰণ কৰিব পৰাকৈ সজীৱ সংস্থালৈ ৰূপান্তৰিত কৰাত সহায় কৰিবলৈ এই সন্মিলন আয়োজন কৰা হৈছে।
যি সময়ত AFSPAৰ অধীনত বিভিন্ন এলেকাৰ অধিসূচনা হোৱাৰ পাছত সমগ্ৰ অসমৰ পৰা কেন্দ্ৰই এই আইন আঁতৰাই পেলাইছিল । কিন্তু ই এতিয়াও প্ৰায় নখন জিলা আৰু আন এখন জিলাৰ এটা মহকুমাত বলবৎ আছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন । কিন্তু ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ আৰু এখন জিলাৰ পৰা এই অধিসূচনা উঠাই লোৱাৰ অৰ্থ হ’ল AFSPA অসমৰ মাত্ৰ ৮খন জিলাতে সীমাবদ্ধ হৈ পৰিল ।
অসম আৰক্ষী বেটেলিয়নক সবলীকৰণৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব যাতে তেওঁলোকে ৰাজ্যৰ আইন-শৃংখলাৰ সৈতে মোকাবিলা কৰিব পাৰে । মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ বা নূন্যতম শক্তি প্ৰয়োগ কৰি গোটটোক নিয়ন্ত্ৰণ কৰিবলৈও তেওঁলোকক পুনৰ দিশ নিৰ্ধাৰণ কৰি দিয়া হ’ব । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ঘোষণা কৰে যে, বেটেলিয়নসমূহৰ ৰেংক এণ্ড ফাইলৰ ভিতৰত ইতিবাচক পৰিৱৰ্তনক লালন-পালন কৰিবলৈ প্ৰতি ছমাহৰ মূৰে মূৰে কমাণ্ডেণ্ট সন্মিলন অনুষ্ঠিত কৰা হ’ব, যাৰ ফলত শেষত অসমত অধিক কাৰ্যক্ষম আৰু ফলাফলমুখী আৰক্ষী বাহিনী গঠন হ’ব ।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি বেটেলিয়নসমূহ পৰিদৰ্শন কৰিব । এইবাৰৰ সন্মিলনত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, প্ৰধান সম্পাদক সমীৰ কুমাৰ সিনহা আৰু নিৰাজ ভাৰ্মা, বিশেষ ডি জি পি হৰমীত সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: UPSC CSE Final Result 2022: চূড়ান্ত ফলাফলৰ শীৰ্ষত উজ্বলিল অসম সন্তান ময়ুৰ হাজৰিকা