Local, Vocal, Global

Yoga Festival in Hyderabad: যোগ মহোৎসৱত পঞ্চাশ হাজাৰৰো অধিক লোকৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক, ২৭ মে’ : সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২১ জুনত যোগ দিৱস উদযাপন কৰি আহিছে । আজি ছিকন্দৰাবাদৰ এনচিচি পেৰেড গ্ৰাউণ্ডত ব্যাপক উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয় যোগ মহোৎসৱৰ বিশাল আয়োজন । ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ তত্বাৱধানত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত অনুষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ২৫ দিনৰ পূৰ্বেই উদযাপনৰ বাবে অনুষ্ঠিত কৰা হৈছে । এই অনুষ্ঠানত ৫০,০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে । বহু দেশেও এই কাৰ্যসূচীত যোগদান কৰাৰ সম্ভাৱনা আছে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ২৫ দিনৰ পূৰ্বেই আয়ুষ মন্ত্ৰালয়ৰ তত্ত্বাৱধানত বিশাল ‘যোগ মহোৎসৱ’ৰ আয়োজন কৰা হৈছে । ‘যোগ মহোৎসৱ’ৰ শোভবৰ্ধন কৰে তেলেংগানাৰ ৰাজ্যপাল ডাঃ তামিলিচাই সৌন্দৰাৰাজনে । এই বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘বসুধৈৱ কুটুম্বকমৰ বাবে যোগ’ ।

অনুষ্ঠানটোত তেলেংগানাৰ ৰাজ্যপাল ডাঃ তামিলিচাই সৌন্দৰাৰাজনে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় সংস্কৃতি, পৰ্যটন আৰু ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী তথা কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । তাৰোপৰি পদ্মভূষণ বঁটাপ্ৰাপ্ত প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ আৰু প্ৰশিক্ষক পুল্লেলা গোপীচান্দৰ দৰে তাৰকা, চিনে জগতৰ কলা-কৌশলী- শ্ৰীলীলা, বিশ্বক সেন, কৃষ্ণ চৈতন্যৰ লগতে যোগ বিশেষজ্ঞ, যোগ গুৰু প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকলৰ লগতে অন্যান্য জনপ্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ডাঃ তামিলিচাই সৌন্দৰাৰাজনে কয় যে , ৰাতিপুৱা যোগাসন কৰিবলৈ আহি অত্যন্ত আনন্দিত হৈছোঁ । এয়া সকলোৰে বাবে সুস্বাস্থ্য আৰু সুখৰ যোগ উৎসৱ হিচাপে উদযাপন কৰাৰ এক সুৱৰ্ণ সুযোগ । লগতে তেওঁসকলোকে দৈনন্দিন যোগাভ্যাস গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই । যোগক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ বাবে আৰু সুস্বাস্থ্যৰ দিশত এক আন্দোলন গঢ় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে, যোগ মহোৎসৱত সৰ্বস্তৰৰ লোকে ব্যাপকভাৱে অংশগ্ৰহণ কৰা দেখি আনন্দিত হৈ পৰিছে । যোগ ভাৰতৰ গৌৰৱময় ঐতিহ্য-পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন । সমগ্ৰ বিশ্বই প্ৰতি বছৰে ২১ জুনত যোগ দিৱস উদযাপন কৰাৰ লগতে যোগে বিশ্বব্যাপী এক অভূতপূৰ্ব উৎসাহ লাভ কৰে । মানৱ জীৱনৰ মান সমৃদ্ধ কৰাৰ বাবে যোগক এক বৃহৎ স্বাস্থ্যসেৱা আন্দোলন হিচাপে গঢ়ি তোলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । তেখেতৰ দূৰদৰ্শিতাৰ বাবেই বিশ্বজুৰি অধিক সংখ্যক লোকে এতিয়া যোগৰ মহত্ব অনুধাৱন কৰি শাৰীৰিক, মানসিক, আধ্যাত্মিক সুস্থতাত মনোনিৱেশ কৰিছে ।

যোগে জাতি, ধৰ্ম, লিংগ, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো বিভাজন অতিক্ৰমি মানৱ জাতিক একত্ৰিত কৰে । সকলো বয়সৰ লোকেই যোগাসন কৰিব পাৰে । এই বছৰৰ যোগ দিৱসৰ বিষয়বস্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ – ‘বসুধৈৱ কুটুম্বকমৰ বাবে যোগ’। বিশ্বৰ প্ৰতিটো প্ৰান্ততে ইয়াৰ গ্ৰহণযোগ্যতাৰ প্ৰতিধ্বনি হৈছে । গাঁওবাসীৰপৰা চহৰবাসীলৈকে, শিক্ষাৰ্থীৰপৰা কৰ্পোৰেট কৰ্মচাৰীলৈকে – সকলোৱে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ যোগাসন কৰিব লাগে । মোদী ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত যোগৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু বিশ্ব সম্প্ৰদায়ে ইয়াক অকুণ্ঠচিত্তে আঁকোৱালি লৈছে । কলে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে এই বছৰৰ যোগ দিৱসৰ উদযাপনৰ নতুনত্বৰ আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত সুচাৰুৰূপে ৰূপায়িত সন্দৰ্ভত আলোকপাত কৰে সৰ্বানন্দ সোনোৱালে । আৰ্কটিকৰ পৰা এণ্টাৰ্কটিকালৈকে যোগ প্ৰদৰ্শন অনুষ্ঠিত হ’ব– প্ৰাইম মেৰিডিয়ান ৰেখাত বা ইয়াৰ ওচৰত থকা দেশসমূহে যোগ প্ৰদৰ্শন কাৰ্যসূচীত যোগদান কৰিব । আৰ্কটিকৰ ভাৰতীয় গৱেষণা স্থলী ‘হিমাদ্ৰী’ আৰু এণ্টাৰ্কটিকাস্থিত ভাৰতীয় তৃতীয় গৱেষণা স্থলী ‘ভাৰতী’তো যোগ প্ৰদৰ্শন কৰা হ’ব । এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যোগ ভাৰতমালাতভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, উপকূলৰক্ষী বাহিনী আৰু সীমান্ত পথ সংস্থায়ো অংশগ্ৰহণ কৰিব । স্থানীয় পৰ্যায়ত ভাৰতৰ ২ লাখতকৈও অধিক গাঁৱত কমন যোগ প্ৰট’কল (চিৱাইপি)ৰ জৰিয়তে জনসাধাৰণক প্ৰশিক্ষণ প্ৰদান আৰু যোগ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু আয়ুষ- এই দুয়োটা মন্ত্ৰালয়ৰ ১.৫ লাখতকৈও অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত আৰু সকলো অমৃত সৰোবৰত (প্ৰায় ৫০ হাজাৰ) যোগ প্ৰদৰ্শন কৰা হ’ব ।

আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মুঞ্জপাৰা মহেন্দ্ৰভায়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে , “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এতিয়া সমগ্ৰ বিশ্বতে সুপৰিচিত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অক্লান্ত আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে যোগৰ প্ৰাচীন বিজ্ঞান এতিয়া বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰৰ সুস্থতা যাত্ৰাৰ অংশ হৈ পৰিছে ।

অনুষ্ঠানটোত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, যুটীয়া সচিব কবিতা গাৰ্গ প্ৰমুখ্যে কেন্দ্ৰীয় চৰকাৰ আৰু তেলেংগানা চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

লগতে পঢ়ক : NITI Aayog Meet: NITI আয়োগৰ বৈঠকত উপস্থিত নাথাকিল দেশৰ ১০ গৰাকী মুখ্যমন্ত্ৰী