Local, Vocal, Global

New parliament building inauguration: নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিলে ছেংগুল

নেশ্যনেল ডেস্ক, ২৮ মে’ : বহু বাদ-বিবাদৰ অন্তত আজি দেশৰ নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধন কৰা হৈছে । নতুন সংসদ ভৱনটোৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ প্ৰায় ২০ টা বিৰোধী দলে অনুষ্ঠানটো বৰ্জন কৰাৰ বিপৰীতে ২৫ টা বিৰোধী দলৰ নেতৃত্বয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে । এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা হৈছে নতুন ভৱনৰ । বিট্ৰিছে নিৰ্মাণ কৰা সংসদ ভৱনত এতিয়াৰে পৰা কৰা নহয় কোনো আইন প্ৰণয়ন । আজি পুৱা ৭ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানটোত ২ বজালৈ চলিব ।

নতুন সংসদ ভৱন উদ্বোধনৰ লগত সংগতি ৰাখি এক বিশেষ ৭৫ টকীয়া মুদ্ৰা মুকলি কৰা হ’ব (RS 75 coin launch) । মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভৰ সিংহ থাকিব, লগতে লিখা থাকিব-সত্যমেৱ জয়তে । বাঁওফালে ‘ভাৰত’ শব্দটো দেৱানগৰী লিপিত লিখা থাকিব । মুদ্ৰাটোৰ ওজন প্ৰায় ৩৫ গ্ৰাম য’ত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ কপাৰ, ৫ শতাংশ নিকল আৰু ৫ শতাংশ জিংক ধাতু থাকিব।

উল্লেখ্যযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ডিচেম্বৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই সমগ্ৰ প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০,০০০ কোটি টকাৰ অনুমোদন দিছিল । চাৰিমহলীয়া এই ভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে ৮৬২ কোটি টকা । নতুন ভৱন নিৰ্মাণ কামৰ দায়িত্ব দিয়া হৈছিল টাট প্ৰপাৰ্টিজ লিমিটেডক । এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত আছিল । উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাৰ্পেট, ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাঁহৰ কাৰ্পেট আৰু ৰাজস্থানৰ শিলৰ কাৰুকাৰ্যৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা অনা বস্তুৰে নিৰ্মিত নতুন সংসদ ভৱনত ভাৰতৰ বৈচিত্ৰ্য প্ৰতিফলিত হৈছে ।

এই ভৱনটোত মুঠ ১২৭২ জন সাংসদে একেলগে বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে । নতুন ভৱনটোত মুঠ তিনিখন মূল দ্বাৰ আছে । সেইকেইখন হৈছে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্ম দ্বাৰ । তদুপৰি দেশৰ ভৱনটোত দেশৰ সকলো স্থানকে সমানে প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰা হৈছে ।

তাৰোপৰি আজি মুকলি কৰা নতুন সংসদত প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতত স্থাপন কৰে ছেংগুল (Sengol in new Parliament building)। ছেংগুল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজদণ্ড । ব্ৰিটিছৰ পৰা নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৱে ৰাজদণ্ড লাভ কৰিছিল । পিছত এই ৰাজদণ্ড এলাহাবাদ যাদুঘৰত সংৰক্ষিত কৰি থোৱা হৈছিল । আৰু কিছুদিনৰ পূৰ্বে নতুন সংসদৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰাজদণ্ড দিল্লীলৈ অনা হয় । আৰু আজি মাংগলিক নীতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ছেংগুল প্ৰতিষ্ঠা কৰে নতুন সংসদত ।

১৯৪৭ চনতে নিৰ্মাণ কৰা এই ছেংগুলৰ দৈঘ্য পাঁচ ফুট । এই ৰাজদণ্ড নিৰ্মাণ কৰিছিল ভূমিধি বাংগাৰু ছেট্টী নামৰ এজন সোণাৰীয়ে । তেওঁ ৰাজদণ্ডত খোদিত কৰিছিল ভগৱান শিৱৰ বাহন নন্দীক । এই নন্দীক ন্যায় আৰু ক্ষমতাৰ প্ৰতীক হিচাপে খোদিত কৰা হৈছে ।

লগতে পঢ়ক : PM Modi on completing 9 years: কেন্দ্ৰত ৯ বছৰ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কলে, মোক আৰু অধিক কষ্ট কৰিবলৈ শক্তি দিয়ক