Local, Vocal, Global

Odisha Train Accident : পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

নেশ্যনেল ডেস্ক, ৫জুন’ : ২জুন শুকুৰবাৰে ,সন্ধিয়া প্ৰায় ৭বজাত সংঘটিত হৈছিল এক মৰ্মান্তিক ৰে’ল দুৰ্ঘটনা। তিনিখন ৰে’লৰ মাজত হৈছিল সংঘৰ্ষ আৰু নিমিষতে ছাৰখাৰ হৈ গৈছিল ৩খন ৰে’ল(Odisha train derailed)।ফলত নিহত হৈছিল ৩০০গৰাকী যাত্ৰী ,ইয়াৰ উপৰিও আহত হৈছিল প্ৰায় ১০০০অধিক লোকৰ। ওড়িশাৰ বালাশ্বৰ জিলাত সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো।

এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত নিমিষতে ছাৰখাৰ হৈছিল সকলো। নামি আহিছিল বহুতৰে জীৱনলৈ কাল অমানিশা। শেষ হৈ গৈছিল বহু পৰিয়াল, নিমিষতে ভাঙি গৈছিল বহু সপোন। কোনেও কাহানিও ভৱা নাছিল এনে এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হ’ব লাগিব বুলি (Odisha Train Accident)।হাহাকাৰ লাগিছিল সমগ্ৰ বিশ্বজুৰি।

যাত্ৰীয়েনো ভাৱিছিল নে তেওঁলোকৰ জীৱনলৈ নামি আহিব যে অমানিশা। কোনোয়ে ভবা নাছিলে সেই দিনটোৱে যে শেষ দিন হ’ব তেওঁলোকৰ।

এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে এতিয়াই আপোন জনক হেৰুৱাই শোকত ভাঙি পৰিছে সকলোৱে।এতিয়াই আপোনজনৰ অবিহনে কটাবলগীয়া হ’ব জীৱন। নিজৰ পিতৃ-মাতৃ হেৰুৱাই অনাথ জীৱন আকোঁৱালি ল’বলগীয়া হৈছে বহু শিশুৱে।

এই শোকাৱহ দুৰ্ঘটনাত অনাথ হোৱা শিশুক লৈ এতিয়াই বহু প্ৰশ্ন উত্থাপন হৈছে। এনে সময়তে তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে দেশৰ আগশাৰী কৰ্পৰেট গোষ্ঠী ‘আদানী গোটে’।শুকুৰবাৰে এই কথা ঘোষণা কৰে আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে( Adani Group will take the responsibility of children education)।

আদানীয়ে নিজৰ টুইটাৰত লিখিছে যে, ”আমি সিদ্ধান্ত লৈছোঁ এই শোকাৱহ দুৰ্ঘটনাত পিতৃ-মাতৃ হেৰুৱা শিশুসকলৰ স্কুলীয়া শিক্ষাৰ দায়িত্ব আদানীয়ে ল’ব।”
লগতে তেওঁ লিখিছে, ”ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক শক্তি প্ৰদান কৰাটো আমাৰ সকলোৰে যৌথ দায়িত্ব(Adani group will take the responsibility of school education)।’

লগতে পঢ়ক : Mahapurush Madhabadeva Tithi 2023 : আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি