Local, Vocal, Global

World Environment Day 2023 : আজি বিশ্ব পৰিৱেশ দিৱস, এইবৰ্ষৰ বিষয়বস্তু “প্লাষ্টিক এৰো পৃথিৱী গঢ়ো”

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস ।সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়(World Environment Day) । ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা । যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখিব পাৰে । পৃথিৱীৰ পৰিৱেশ ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অন্যথা পৃথিৱীখন সোনকালে বসবাসৰ অনুপযোগী হৈ পৰিব।

বিশ্ব পৰিৱেশ দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ ৰাজ্যত , বেলেগ বেলেগ বিষয়বস্তু লৈ পালন কৰা হয় (Theme) ।

১৮ শতিকাৰ আৰম্ভণিৰ পৰাই এক ধাৰাবাহিক বৈজ্ঞানিক আৱিষ্কাৰৰ জৰিয়তে শিল্প বিপ্লৱৰ আৰম্ভণি হৈছিল। তেতিয়াৰ পৰাই পৰিৱেশ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে । ১৭৬০ চনৰ পৰা ১৯৭২ চনলৈকে, তেতিয়ালৈকে দুটা শতিকা পাৰ হৈ গৈছিল ।

এই দীঘলীয়া সময়ছোৱাত পৰিৱেশৰ বহু ক্ষয়-ক্ষতি হৈছিল। সেয়েহে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় বৈঠক আহ্বান কৰি এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লয়। পৰিৱেশ সম্পৰ্কে মানুহৰ সজাগতা বৃদ্ধিৰ বাবে লোৱা হয় এই পদক্ষেপ।

১৯৭২ চনৰ এই বৈঠকৰ পিছৰ বছৰৰ পৰাই আৰম্ভ হয় বিশ্ব পৰিৱেশ দিৱস পালন । ১৯৭৩ চনৰ ৫ জুন তাৰিখৰ পৰা আৰম্ভ হয় বিশ্ব পৰিৱেশ দিৱস । এইবাৰ ৪৯ সংখ্যক বিশ্ব পৰিবেশ দিৱস পালন কৰা হৈছে ।

কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।

বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি স্বৰূপে আয়োজন কৰা হয় । বিশ্ব পৰিৱেশ দিৱস ২০২৩ য়ে “প্লাষ্টিকএৰোপৃথিবীগঢ়ো” নামৰ শক্তিশালী অভিযানৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ মোকাবিলা কৰাৰ জৰুৰী অভিযানত গুৰুত্ব আৰোপ কৰিছে (BeatPlasticPollution) ।

২০২৩ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লগান হৈছে “প্লাষ্টিকএৰোপৃথিবীগঢ়ো” । ২০২৩ চনৰ ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে সংস্কৃতি পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত গোৱাৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত “প্লাষ্টিকএৰোপৃথিবীগঢ়ো” শীৰ্ষক বাটৰ নাট আয়োজন কৰা হয় । নাটকখন একেদিনাই সকলো জিলাতে পৰিৱেশন কৰা হ’ব । এনে ধৰণৰ ঘটনা আৰু পদক্ষেপে পৰিৱেশ সচেতনতা বৃদ্ধি কৰাত আৰু বহনক্ষম পদ্ধতিৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

লগতে পঢ়ক : Mahapurush Madhabadeva Tithi 2023 : আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি