Local, Vocal, Global

Mahapurush Madhabadeva Tithi 2023 : আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি

নিউজ ডেস্ক, ৫ জুন : আজি এক শৰণ নাম ধৰ্মৰ জনক শ্ৰীমন্ত শংকৰ দেৱৰ শিষ্য তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি (Mahapurush Madhabadeva Tithi 2023) । আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ আৰু নামঘৰ সমূহত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি ।

১৪৮৯ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰা মাধৱদেৱ পূৰ্বতে শাক্ত ধৰ্মৰ উপাসক আছিল যদিও পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে হোৱা এক আলাপৰ পাছত বৈষ্ণৱ ধৰ্মলৈ ৰুপান্তৰ হয় মহাপুৰুষ গৰাকী । মহাপুৰুষ দুজনাৰ এই মিলনক কোৱা হয় ‘মণি কাঞ্চন সংযোগ’ ।

সমগ্ৰ জীৱনকাল গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰা মহাপুৰুষ জনা সকলো দিশতেই আছিল প্ৰখৰ । কেৱল ধৰ্ম কৰ্মতেই নহয়, সাহিত্যতো শ্ৰীমন্ত শংকৰদেৱৰ পাছতেই লোৱা হয় শ্ৰী শ্ৰী মাধৱদেৱৰ নাম । মহাপুৰুষজনাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা অথবা হেজাৰী ঘোষা ।

১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃৰ নাম আছিল গোবিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান । শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো । শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ ।

মাধৱদেৱে কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা । তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰি সমগ্ৰ অসমীয়া জাতিক সমৃদ্ধ কৰি তুলিলে ।

মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত । ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ ।

গৱেষক সকলেও সময়ে সময়ে মহাপুৰুষ জনাৰ সৃষ্টিৰ ওপৰত গৱেষণা কৰি আহিছে যদিও আধুনিক অসমীয়া সাহিত্য আৰু বিশেষকৈ নাট্য জগতত তেখেতৰ অৱদান সম্পৰ্কে আলোচনা খুবেই নগণ্য ।

মহাপুৰুষ জনাক কেৱল মহাপুৰুষ হিচাপেই বা ধৰ্ম প্ৰচাৰক হিচাপেই নহয় বৰং অন্তত: আজিৰ দিনটোত নাট্যকাৰ তথা এগৰাকী সমাজ-সংস্কাৰক হিচাপেও স্মৰণ কৰা উচিত ।

গুৰু দুজনাৰ মৃত্যুঞ্জয়ী সৃষ্টি বৃন্দাবনী বস্ত্ৰ যি পৰৱৰ্তী কালত ব্ৰিটিছৰ শাসন কালত ইংৰাজে লৈ যায় নিজৰ দেশলৈ, সেই বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন কালৰ মহিমাক ৰচি । মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক বঢ়াৰ পো আখ্যা দিছিল তেখেতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই পবিত্ৰ বৃন্দাবনী বস্ত্ৰৰ বাবেই । এদিনত শংকৰদেৱতকৈ এবেগেত বেছিকৈ বোৱা বাবে মহাপুৰুষ জনাক দিয়া হৈছিল এই নাম । মহাপুৰুষজনাৰ দেহাৱসান ঘটিছিল ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত ।

লগতে পঢ়ক : Sulochana Latkar passes away : সুলোচনা লটকৰৰ দেহাৱসান