ৰেজাউল কৰিম সৰকাৰ পন্থী এতিয়া মাত্ৰ এটা ধন সংগ্ৰহকাৰীৰ দল
আমছু ত অন্তকন্দল অব্যাহত ।
দৰং জিলাটো গঠন হল আমছু ৰ দ্বিতীয়টো সংগঠন ।
আমছুৰ ৰেজাউল কৰিম সৰকাৰ পন্থী অবৈধ বুলি সংবাদমেল যোগে ঘোষণা আমছুৰ ইকবাল গোটৰ ।
ৰেজাউল কৰিম সৰকাৰ পন্থী এতিয়া মাত্ৰ এটা ধন সংগ্ৰহকাৰীৰ দল । এই অভিযোগ আমছুৰ আনটো সংগঠনৰ সভাপতি ইকবাল হুছেইনৰ ।
জুৱা, বাল্যবিবাহ ৰ লগতে বিভিন্ন কু-কৃতি ৰ পৰা ধন দাবী কৰি দৰঙৰ আমছুৰ বৰমুৰীয়া সকল চলি আছে বুলি কয় ইকবাল হুছেইনে ।
আনহাতে ঢলপূৰ ৰ উচ্ছেদিত লোক সকলৰ পৰা যথেষ্ট ধন সংগ্ৰহ কৰা বুলিও অভিযোগ আনে সংবাদমেল যোগে ।
দৰঙৰ দুই আমছু ৰ নেতা আইনুদ্দিন আহমেদ আৰু আব্দুল ৰহমান বিশ্বাসৰ ওপৰতো অবৈধ ভাৱে জুৱা, বালিবিবাহৰ পৰা ব্যাপক ধন সংগ্ৰহৰ অভিযোগ আনে