Local, Vocal, Global

এখন গাওঁ য’ত সূৰ্যাস্তৰ পিছত প্ৰৱেশ নিষিদ্ধ…

ডিজিটেল ডেস্ক:-এইখন পৃথিৱী ৰহস্যৰে পৰিপূৰ্ণ।এনে বহুতো ঠাই আছে যত ৰহস্যৰে ভৰপুৰ। যি ৰহস্যৰ ভেদ হয়তো খোল খাইয়ো খোল নোখোৱাৰ দৰে। কিছুমানৰ আকৌ আজি লৈকে কোনো ভেদ খোল খোৱা নাই।ডাঙৰ ডাঙৰ বৈজ্ঞানিকে এই ৰহস্যৰ সত্য জানিব পৰা নাই।আৰু বহু ৰহস্য এতিয়ালৈকে ওলাব পৰা নাই।ৰহস্যৰে ভৰা এই পৃথিৱীৰ এখন ৰহস্যময় গাঁও! য’ত সূৰ্যাস্তৰ পিছত প্ৰৱেশ নিষিদ্ধ।কাৰণ নিশা কটাব বিচাৰিলেও অদ্ভূত অস্বাভাৱিক ঘটনাৰ দ্বাৰা খেদি পঠোৱা হয়।
তেনেই এখন ঠাই হৈছে কুলধাৰা গাঁও। যি গাঁৱত সূৰ্যাস্তৰ পিছত প্ৰৱেশ নিষিদ্ধ। ৰাজস্থানৰ জয়্ছালমীৰ জিলাৰ কুলধাৰা গাঁৱত কেইবাটাও ৰহস্যময় ঘটনা সংঘটিত হৈছে।যি গাঁৱত সন্ধিয়া নামি আহিলেই প্ৰৱেশত বাধা প্ৰদান কৰে কাষৰীয়া অঞ্চলৰ গাঁৱৰ লোকে।

কুলধাৰা ৰাজস্থানৰ এখন পৰিত্যক্ত গাঁও। জয়সেলমেৰৰ পৰা ১৭-১৮ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই গাঁৱখন। যি গাঁও আজিৰে পৰা প্ৰায় ২০০-৩০০ বছৰ ধৰি খালী হৈ পৰি আছে।খালী হৈ পৰি আছে গাঁও খনৰ ঘৰ দুৱাৰ। যি বৰ্তমান ভগ্নাংশত পৰিণত।

জানিব পৰা মতে,এদিন হেনো হঠাতে নিশাৰ ভিতৰতে খালী হৈ পৰিছিল গাঁওখন। তেতিয়াৰে পৰা ইয়াত কোনো লোকে বাস কৰা নাই।বসবাসৰ বাবে চেষ্টা কৰিলেও কোনো অদৃশ্য শক্তিয়ে যেন কিবা নহয় কিবা কাৰণে তাৰ পৰা বাহিৰ কৰি দিয়ে সকলোকে। যাৰ বাবে সাধাৰণতে পৰ্যটকক কেৱল দিনৰ পোহৰতহে সেই ঠাইলৈ যোৱাৰ বাবে কোৱা হয়। প্ৰায় ২০০-৩০০ বছৰ পূৰ্বে, জয়সেলমেৰ ৰাজ্যৰ অন্তৰ্গত এই কুলধাৰা গাঁৱত পালিৱাল ব্ৰাহ্মণসকলৰ এখন সমৃদ্ধশালী গাঁও আছিল।কিন্তু, সেই সময়ৰ ৰাজ্যখনৰ শাসক চেলিম সিঙৰ দৃষ্টি গাঁওখনৰ মুৰব্বীৰ জীয়েকৰ ওপৰত পৰে আৰু সেই কন্যাক বলপূৰ্বক বিয়া কৰাব বিচাৰে। লগতে কন্যাক চেলিমলৈ বিয়া নিদিলে ভয়ংকৰ পৰিণামৰ সন্মুখীন হোৱাৰ ভাবুকি প্ৰদান কৰে।যাৰ বাবেই শাসক চেলিমৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ ৮৫ খন গাঁৱৰ ১৫০০ ৰো অধিক পালিৱাল ব্ৰাহ্মণ মানুহে তেওঁলোকৰ পৈতৃক ঘৰ এৰি নিশাটোৰ ভিতৰতে অদৃশ্য হৈ পৰে। যাৰ বিষয়ে আজি পৰ্যন্ত কোনেও নাযানে সেই গাঁওবাসী কলৈ গৈছিল।

লোক কথা অনুসৰি, কুলধাৰাৰ বাসিন্দাই হেনো গাঁও এৰাৰ পূৰ্বে অভিশাপ দি গৈছিল।তাৰ পিছৰে পৰা কোনেও কেতিয়াও সেই গাঁৱত বসতি কৰিব পৰা নাই।