ডুমডুমাত প্ৰাত:ভ্ৰমণলৈ যোৱা লোকক খুন্দিয়ালৈ অচিনাক্ত বাহনে…

ডিজিটেল ডেস্ক:-ডুমডুমাত পুৱাই পথ দুৰ্ঘটনাত। এজন লোকৰ মৃত্যু |বিচাকপি চাহ ফেক্টৰীৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত ডুমডুমা ওচামাটিৰ শিবু দাস নামৰ ৬৫ বছৰীয়া লোকজন থিতাতে নিহয় হয় ।জানিব পৰা মতে, প্ৰাত:ভ্ৰমণৰ বাবে যোৱাৰ সময়তে এই দুৰ্ঘটনাতো সংঘটিত হয়।
এখন অচিনাক্ত কলা ৰঙৰ চাৰিচকীয়া ব্যক্তিগত বাহনে খুন্দোৱাৰ ফলতে তেওঁৰ মৃত্যু হয়।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।