Local, Vocal, Global

চিলাপথাৰত ডাম্পাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ,থিতাতে নিহত দুজন !

ডিজিটেল ডেস্ক:- চিলাপথাৰৰ অকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত থিতাতে নিহত দুজন
বৃহস্পতিবাৰে পুৱা ৯-৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । লিকাবালি কোৱাৰীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 22 C 8439 নম্বৰৰ বল্ডাৰ ভৰ্তি ডাম্পাৰ এখনে কোলাজানৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AS 06A E 1863 নম্বৰৰ স্কুটি বাহনখনক লগত মুখামুখি সংঘৰ্ষ হয়। ডাম্পাৰখনে ডেৰশ মিটাৰলৈকে স্কুটিখনক মহতিয়াই লৈ যোৱা ভয়ংকৰ দুৰ্ঘটনাটোত স্কুটি আৰোহী দুজন থিতাতে নিহত হয়। স্কুটি আৰোহী দুজন কুলাজানৰ নৱ ৰেগন আৰু বিকি ৰেগন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ নিহত লোক দুজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ধেমাজিলৈ প্ৰেৰণ কৰা হয় ।