Local, Vocal, Global

A tragic moment : দেউতাকৰ চিতাৰ কাষত পুত্ৰই গালে এই গীত ”তুমি জানো জানা সোন”

নিউজ ডেস্ক, ২৮ মে’ : এজন যুৱকৰ এক ঘটনাই এতিয়া সকলোৰে হৃদয় চুই গৈছে । সন্তানৰ বাবে পিতৃ-মাতৃ সকলোতকৈ মৰমৰ , সকলোতকৈ আদৰৰ হয় । মাক-দেউতাকৰ সৈতে সন্তানৰ সম্পৰ্ক তুলনাবিহীন । কিন্তু মৃত্যু এক চিৰন্তন সত্য আৰু ইয়াৰ পৰা কোনোৱে সাৰিব নোৱাৰে । এদিন এই পৃথিৱী এৰি সকলোৱে যাব লাগিব । এজন লোকৰ বাবে পিতৃ-মাতৃৰ বিয়োগ আটাইতকৈ দুখৰ আৰু অসহনীয় । প্ৰতিগৰাকী সন্তানেই নিজৰ পিতৃ-মাতৃৰ ইচ্ছা পূৰণৰ বাবে যত্‍পৰোনাস্তি চেষ্টা চলায় । সেইয়াই লাগে তেওঁলোকৰ জীৱিত অৱস্থাতেই হওক নাইবা মৃত্যুৰ পাছতেই হওক ।

উল্লেখ্য যে পিতৃৰ শেষ ইচ্ছা পূৰণৰ স্বাৰ্থতহে তেওঁ দেউতাকৰ প্ৰিয় গীত পৰিৱেশন কৰিলে (A tragic moment) । দেউতাকে জীয়াই থাকোতে তেওঁৰ প্ৰিয় গায়ক অৰুণ দাসৰ ”তুমি জানো জানা সোন” গীতটো নিজৰ চিতাৰ কাষত পুত্ৰক গাবলৈ কৈছিল । এনে কৰিলে দেউতাকে দুটা মুহূৰ্তৰ বাবেও বেছি সময় জীয়াব বুলি কৈ গৈছিল । দেউতাকৰ সেই আশাই পূৰণ কৰিবলৈ পুত্ৰই চিতাৰ কাষতে গালে অৰুণ দাসৰ ”তুমি জানো জানা সোন” গীতটো । মেষ বৰবৰা নামৰ যুৱকজনৰ দেউতাকৰ চিতাৰ সন্মুখত গোৱা এই ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

সামাজিক মাধ্যমত এক পোষ্টত তেওঁ এটা ভিডিঅ’ৰ সৈতে এটা টোকা লিখি শ্বেয়াৰ কৰে । তেওঁ উল্লেখ কৰে যে, ”নোৱাৰিলোঁ ইমান চেষ্টা কৰাৰ পিছতো তোমাক জীয়াই ৰাখিব। পিতা you were more than পিতা । মোৰ পাখি আছিল দুখন । আজি এখন ভাঙি গল । পিতাৰ শেষ ইচ্ছা আছিল যিটো মোক সদাই কৈছিল, পিতাই মই যদি কেতিয়াবা মৰি যাও তই মোৰ চিতাৰ কাষত অৰুণ দাসৰ তুমি জানো জানা সোন গানটো এবাৰ গাবি । মই দুটা মূহুৰ্তৰ কাৰণে হলেও বেছিকৈ জীয়াই থাকিম । আৰু গাই দিলো পিতা । তুমি সদাই কোৱা যে সেই “কাজ”টো হোৱা নাই “সাচিছিলো” শব্দটোত,,, আজিও থিক কে গাব নোৱাৰিলোঁ । কিন্তু এদিন গাম।। perfect কে । পিতা কথা দিলো পীতাই এ এদিন তোমাৰ নাম বহুত বেছি উজ্জ্বলাব ।” শেষত তেওঁ লিখে, ”মই ভাগৰা নাই,,জীৱন হেৰুওৱা নাই।”

লগতে পঢ়ক : Minakshi Kalita Falls Sick in Jail : চৰকাৰী বিষয়া মিনাক্ষী কলিতা কাৰাগাৰত অসুস্থ