A Teacher Retires without Pay : বিনা বেতনে সুদীৰ্ঘ ২৭বছৰ কাল শিক্ষাদান কৰি অৱসৰ গ্ৰহণ এজন শিক্ষকৰ
ৰৌতা, ১৩ আগষ্ট : বিনা বেতনে সুদীৰ্ঘ ২৭বছৰ কাল শিক্ষাদান কৰা এগৰাকী আদৰ্শ বান শিক্ষক (A Teacher Retires without Pay )। শিক্ষাদানৰ দৰে এক মহান কাৰ্যত ব্ৰতী হৈছিল ৰৌতাৰ এগৰাকী শিক্ষক ৷ বহুতৰে শৈক্ষিক জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰিলে তেওঁ ৷ পিছে তাৰ বিনিময়ত তেওঁ চৰকাৰৰ পৰা এটা টকাও লাভ নকৰিলে ৷
সুদীৰ্ঘ ২৭ বছৰ বিনা বেতনে শিক্ষাদান কৰা মহান শিক্ষকগৰাকীৰ নাম জিৎ বাহাদুৰ চেত্ৰী ৷ ১৯৯৬ চনত ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌতাৰ ভালুকমাৰী বিদ্যাপিঠ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল। তেওঁলোকৰ শাখা শিক্ষকৰ পদ প্ৰদেশিকীকৰণৰ আশাৰে চৰকাৰৰ দুৱাৰে-দুৱাৰে তাঁত-বাতি কৰিয়ো সুফল নাপালে ।
শিক্ষকগৰাকীয়ে তৰুণ গগৈ চৰকাৰৰ দিনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ কৰে । অৱশেষত সুদীৰ্ঘ ২৭ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি শনিবাৰে দুখ মনে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ’ল জিৎ বাহাদুৰ চেত্ৰীয়ে ।
পিছে তেওঁৰ লগত একেলগে ৮ গৰাকী শিক্ষকে বিদ্যালয় খনত যোগদান কৰিছিল । ইয়াৰে ৪ গৰাকী শিক্ষক আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চাকৰি লাভ কৰি দৰমহা পাই আছে যদিও জিৎ বাহাদুৰ চেত্ৰীসহ আৰু দুগৰাকী শিক্ষক চৰকাৰী স্বীকৃতি লাভৰ পৰা আজিও বঞ্চিত হৈ ৰ’ল ।
লগতে পঢ়ক : Lakhimpur Viral video incident : ভাইৰেল হোৱা ছোৱালী-বোৱাৰীক সকীয়নি জাগৃত নাৰী শক্তিৰ