Local, Vocal, Global

Assam Athletic Association Election : অসম এথলেটিকছ সন্থাৰ সভাপতি পদত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত জয়ন্ত মল্ল বৰুৱা

নিউজ ডেস্ক, ১৩ আগষ্ট : কংগ্ৰেছৰ পদাংক অনুসৰণ কৰিছে বিজেপিয়ে (Assam Athletic Association Election) । অসম এথলেটিকছ সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । আনহাতে সাধাৰণ সম্পাদক পদত সৰ্বানন্দ সোণোৱাল শিবিৰৰ লক্ষ্য কোঁৱৰৰ বিৰুদ্ধে জয় লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ গীতাৰ্থ গোস্বামী ।

অসম এথলেটিক এছ’চিয়েশ্যনে ২০২৩ চনৰ পৰা ২০২৭ চনলৈ কাৰ্যবাহী সমিতিৰ কাৰ্য্যালয় আৰু সদস্যসকলৰ বাবে গোপন ভোটদান নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে (Assam Athletic Association Election) । অসম এথলেটিক এছ’চিয়েশ্যনে সংবিধানৰ অনুচ্ছেদ-দ্বাদশ অনুসৰি এই ঘোষণা কৰা হৈছে(Assam Athletic Association result announced)।

প্ৰতিটো সন্থাত এতিয়া পয়োভৰ ঘটিছে শাসকীয় মন্ত্ৰী বিধায়ক, সাংসদৰ। সেই তালিকাখন দেখিলে আপোনাৰো চকু কপালত উঠিব। অসম অলিম্পিক সন্থাৰ সভাপতি হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসম বেডমিন্টন সন্থাৰ সভাপতি পদত হিমন্ত বিশ্ব শৰ্মা । অসম টেবুল টেনিছৰ সভাপতি হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা। অসম ক্ৰিকেট সন্থাৰ সভাপতি পদত বিধায়ক তৰংগ গগৈ । অসম টাইকোৱালডো সন্থাৰ সভাপতি হ’ল বিধায়ক বলিন চেতিয়া । অসম বাস্কেটবল সন্থাৰ সভাপতি হ’ল সাংসদ পল্লৱ লোচন দাস। অসম ফুটবলৰ সভাপতি হ’ল বিধায়ক নৱ কুমাৰ দলে (Assam Athletic Association Election Result)।

অসম কাবাদী সন্থাৰ সভাপতি হ’ল সাংসদ ভুৱনেশ্বৰ কলিতা । অসম ছেপাক টাকৰোৰ সভাপতি হ’ল ভৱেশ কলিতা । অসম হকী সন্থাৰ সভাপতি হ’ল মন্ত্ৰী কেশৱ মহন্ত। মুঠৰ ওপৰত তুলিৰামৰ পৰা দেৱলাল বা ফণীভূষণেই হওক সকলো এতিয়া খেলৰ সভাপতি ।

তাৰ মাজতে দেওবাৰে প্ৰৱেশ ঘটিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । দেওবাৰে অসম এথলেটিকছ সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় জয়ন্ত মল্ল বৰুৱা ।

শদিয়াৰ পৰা ধুবুৰীলৈ তথা বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ সকলোৰে ক্ৰীড়া সন্থাত শাসকীয় ৰাজনৈতিক নেতাসকল জঁপিয়াই পৰিছে বাবে আজি দিকবিদিক হেৰাই পেলাইছে অসমৰ ক্ৰীড়াই । টীম ইন্ডিয়াৰ হৈ খেলি চিকিৎসাৰ বাবে অৰ্থ ভিক্ষা কৰিবলগীয়া হৈছে ফুটবলাৰ এলেন দেউৰী, আজিও চাকৰিৰ পৰা উপেক্ষিত অলিম্পিয়ান জয়ন্ত তালুকদাৰ ।

লগতে পঢ়ক : A Teacher Retires without Pay : বিনা বেতনে সুদীৰ্ঘ ২৭বছৰ কাল শিক্ষাদান কৰি অৱসৰ গ্ৰহণ এজন শিক্ষকৰ