Local, Vocal, Global

কৰ’নাৰ কালৰূপৰ মাজতে চীনত ওলাইছে আন এক ভাইৰাছ..

কৰ’না, হান্টাৰ পিছত চীনত উৎপত্তি হৈছে আন এক নতুন ভাইৰাছৰ | শেহতীয়াকৈ চীনৰ একাংশ লোকৰ দেহত G4 EA H1N1 নামৰ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে | বিজ্ঞানীসকলৰ মতে এই ভাইৰাছৰ লক্ষণ সমুহ ২০০৯ চনৰ চোৱাইন ফ্লুৰ লক্ষণৰ লগত প্ৰায় মিল আছে |
NATIONAL ACADEMY OF SCIENCE -ৰ মতে ফ্লুৰ এয়া নতুন পৰ্যায় | এই পৰ্যায় মানুহৰ মাজত অতি ভয়ংকৰভাবে সংক্ৰমণ হ’ব পাৰে | এজন ব্যক্তিৰ পৰাই আন এজন ব্যক্তিলৈ সংক্ৰমণ হ’ব বুলিও আশংকা কৰিছে বিজ্ঞানীসকলে | ইতিমধ্যে বিজ্ঞানীসকলে এই ভাইৰাছৰ গৱেষণা আৰম্ভ কৰিছে |
শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি চীনৰ ৪.৪ শতাংশ সাধৰণ লোকৰ লগতে ১০.৪ শতাংশ গাহৰি ব্যৱসায়ীৰ লগত জড়িত লোক আক্ৰান্ত হৈছে GA EA H1N1 নামৰ ভাইৰাছত |