নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, ইছ্যু CAA আৰু অসমৰ NRC By MyNewsNE Desk On Jun 26, 2020 Last updated Jul 19, 2020 Share অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। কিন্তু এইবেলি কাল কৰ’নাৰ ত্ৰাসৰ মাজতে কুচকাৱাজ চলা মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহজাক গৰম কৰিছে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন আৰু অসমৰ NRC ৰ প্ৰসংগইহে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ সম্ভাব্য প্ৰাৰ্থীৰ দৌৰত সকলোতকৈ আগত থকা জো বিডেনে তেওঁৰ প্ৰচাৰ অভিযানত ভাৰত চৰকাৰৰ কেতবোৰ কামকাজৰ প্ৰকাশ্যে বিৰোধিতা কৰি অৱতাৰণা কৰিছে কা আৰু অসমৰ এন আৰ চিৰ প্ৰসংগৰ। Related Posts Daily Horoscope for 30th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ?… Jun 29, 2025 Watch | Bilasipara PDS Rice Seized: বিলাসীপাৰাত অব্যাহত আছে… Jun 27, 2025 Watch | Goreswar 174 No Mokoldonga Primary School: ৰাজ্যত… Jun 27, 2025 স্মৰ্তব্যযে বাৰাক অ’বামা ৰাষ্ট্ৰপতি হৈ থকা সময়ত মাৰ্কিন সাংসদ আৰু পিছত উপ ৰাষ্ট্ৰপতি হৈছিল জো বিডেন। সেই সময়ত তেওঁৰ ভাৱমূৰ্তি আছিল ভাৰতৰ বন্ধু আৰু শুভাকাংক্ষী ৰূপে। ভাৰত আমেৰিকাৰ মাজৰ পৰমাণু বুজাবুজিৰ অধ্যায়তো তেওঁ লৈছিল অতিকে গুৰুত্বপূৰ্ণ ভূমিকা। উপৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত বিডেনে তেওঁৰ বাসগৃহত পালন কৰিছিল দিপাৱলী। সেইজন বিডেনেই এতিয়া ভাৰত বিৰোধী স্থিতিৰে পাৰ হ’ব খুজিছে নিৰ্বাচনী বৈতৰণী। জো বিডেনৰ নিৰ্বাচনী প্ৰচাৰৰ ৱেবচাইটত প্ৰকাশ কৰিছে আমেৰিকাৰ মুছলমান সকলৰ বাবে এজেণ্ডা। এই প্ৰসংগতেই শেহতীয়া কাশ্মীৰ আৰু ভাৰতৰ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় কেতবোৰ মতামত দাঙি ধৰা হৈছে। ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰে কাশ্মীৰৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি কোৱা হৈছে । আৰু কাশ্মিৰী সকলক তেওঁলোকৰ অধিকাৰ ঘূৰাই দিয়াৰ বাবে ভাৰতে কিছু জৰুৰী পদক্ষেপ ল’ব লাগিব বুলিও মন্তব্য কৰা হৈছে। একেদৰেই নাগৰিকত্ব সংশোধনী আইন আৰু অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰো বিৰোধিতা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থী জো বিডেনে। ৱেবচাইটটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এন আৰ চি ৰ দৰে পদক্ষেপ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰমূল্য, বৈচিত্ৰ্যৰ মাজত সাংস্কৃতিক ঐক্য আৰু ধৰ্মনিৰপেক্ষ আদৰ্শৰ পৰিপন্থী। ৱেবচাইটৰ পলিচি পেপাৰত কোৱা হৈছে যে ইছলামিক দেশ সমূহ আৰু বিভিন্ন দেশত বাস কৰা মুছলমান সকলৰ সমস্যাক লৈ আমেৰিকান মুছলমান সকলৰ মনোবেদনা উপলব্ধি কৰিব পাৰিছে বিডেনে। চীনৰ লগতে কাশ্মীৰ আৰু অসমত ডিটেনচন শিবিৰত থকা মুছলমান সকলক লৈ বিশেষ ভাবে উদবীগ্নতা প্ৰকাশ কৰিছে জো বিডেনে। একেদৰেই ম্যানমাৰত সংখ্যালঘু ৰোহিঙীয়া মুছলমান সকলৰ ওপৰত চলা নিপীড়নৰ প্ৰসংগয়ো স্থান পাইছে বিডেনৰ ৱেবচাইটৰ পলিচি পেপাৰত। বিডেনৰ সমৰ্থক অজয় জৈন ভাত’ৰিয়া নামৰ এজন ভাৰতীয় মূলৰ ব্যক্তিয়ে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতে কেৱল হিন্দু সকলকহে নাগৰিকত্ব দিয়াৰ বাবে লোৱা প্ৰস্তাবৰো বিৰোধিতা বিডেনৰ। অৱশ্যে হিন্দু আমেৰিকান একশ্যন কমিটি নামৰ সংগঠনটোৱে অভিযোগ কৰিছে বিডেনৰ এই মন্তব্য আৰু এজেণ্ডা সমূহত কিছুমান বিষয় অস্পষ্ট। যেনে কাশ্মীৰ ইছ্যু সন্দৰ্ভত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ভূমিকা। Share FacebookTwitterReddItWhatsAppPinterestEmail