Local, Vocal, Global

মৰিগাঁও ভোৰাগাওঁত বানৰ সংহাৰীৰূপ

মৰিগাঁও ভোৰাগাওঁত বানৰ সংহাৰীৰূপ । জলমগ্ন হৈছে এখনৰ পাছত আন এখন গাওঁ । ৰাজ্যত হৈ থকা নেৰনেপেৰা বৰষুণৰ ফলত ক্ৰমাত জলষ্টৰ বৃদ্ধি পাইছে নৈ উপনৈ সমূহৰ । উফন্দী উঠিছে ব্ৰহ্মপুত্ৰৰ জলষ্টৰো । ফলত মৰিগাঁও ভোৰাগাওঁ ৰ দীঘলীয়াতিৰ পৰা আমবাগান লৈ থকা এটা মথাউৰী বহু বছৰ ধৰি ভগ্নপ্ৰায় অৱস্থাত থকাৰ বাবে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভোৰাগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩০ খনৰো অধিক গাওঁ জলমগ্ন কৰিছে । যাৰ বাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । পথৰ দাঁতিতে এতিয়া আশ্ৰয় লৈছে বানাক্ৰান্তই । খাদ্য খুৱাপানীৰ বাবে হাঁহাকাৰ হৈছে জনসাধাৰণৰ মাজত । ৰাইজৰ অভিযোগ প্ৰশাসনে কোনো খবৰ লোৱা নাই বানাক্ৰান্তৰ ।