BJP leader’s bullying : চামগুৰিত এগৰাকী বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি
২ফেব্ৰুৱাৰী ২০২৫,চামগুৰি: চামগুৰিৰ বিজেপিৰ প্ৰাক্তন জিলা পৰিষদ ৰীতা কাকতিৰ বিৰুদ্ধে চামগুৰিৰ গটঙাৰ নমিতা ৰাণী বৰ্মন নামৰ এগৰাকী মহিলাক আৰক্ষী থানাৰ চৌহদত মাৰ-ধৰ কৰাৰ গুৰুত্বৰ অভিযোগ।মহিলা গৰাকীৰ অভিযোগৰ মতে, প্ৰাক্তন বিজেপি নেত্ৰীৰ ৰীতা কাকতিৰ বাসগৃহত এগৰাকী যুৱতীক ঘৰুৱা কামৰ বাবে নিয়োগ কৰিছিল মহিলাগৰাকীয়ে।পৰৰ্ৱতী সময়ত উক্ত বনকৰা যুৱতী গৰাকীক মাহেকীয়া ধন দিয়াৰ সময়ত মাৰপিট কৰাৰ লগতে ৰীতা কাকতিৰ ঘৰৰ পৰা ৫০ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ আনিছিল ৰীতা কাকতিয়ে।আনকি ৰীতা কাকতিয়ে যুৱতী গৰাকীৰ বিৰুদ্ধে চোৰি কৰাৰ অভিযোগত চামগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এখন এজেহাৰ।পৰবৰ্তী সময়ত ঘটনা সন্দৰ্ভত বনকৰা যুৱতী গৰাকী সহ নমিতা ৰাণী বৰ্মণক সোধপোচৰ বাবে আৰক্ষীয়ে মাতি পঠিয়াইছিল থানালৈ, সোধপোছ চলি থকাৰ সময়তে নমিতা ৰাণী বৰ্মণক গুৰুত্বৰ ভাৱে মাৰপিট কৰাৰ অভিযোগ বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে।ইতিমধ্যে চামগুৰিৰ প্ৰাক্তন জিলা পৰিষদ বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে নমিতা ৰাণী বৰ্মনে চামগুৰিৰ আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ।