মাধৱদেৱ বিশ্ববিদ্যালয়ত পুনৰ সংযোজন হ’ল উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখা
কৰ’নাৰ বাবেই যোৱা প্ৰায় চাৰিমাহ ধৰি বাৰুকৈয়ে ব্যাহত হৈছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন।শিক্ষানুষ্ঠানসমূহত কোৱাৰেইন্টাইন কেন্দ্ৰ স্থাপনৰ লগতে চাৰিটা পৰ্যায়ৰ লক্ডাউনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ লগত সম্পৰ্ক নোহোৱা হ’ল শিক্ষানুষ্ঠানসমূহৰ ৷ এক কথাত ক’বলৈ গ’লে কৰ’না মহামাৰীয়ে বাৰুকৈয়ে তচনচ কৰিলে শিক্ষানুষ্ঠান আৰু ছাত্ৰছাত্ৰীৰ আন্তঃগাঁথনি ৷ ইয়াৰ মাজতে আহিছে এটা সুখবৰ ৷ কৰ’নাৰ বাবেই ৰক্ষা পৰিল লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শ্ৰেণী ৷ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মতে এই বছৰ কলা আৰু বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেনীত হ’ব নামভৰ্তি ৷ যোৱা ২০১৯ চনৰ ১৭ জুনত মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় স্বীকৃতি প্ৰদান কৰিছিল ৷ উজনি অসমত এই বিশ্ববিদ্যালয়খনৰ সংযোজনে স্বাভাৱিকতে আনন্দৰ জোৱাৰ তুলিছিল ৷ কিন্তু লগে লগে নামনি লখিমপুৰৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়ে হুমুনিয়াহ কাঢ়িছিল, কাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ লগে লগে শিক্ষা বিভাগৰ নিৰ্দেশ মতে মহাবিদ্যালয়খনৰ পৰা উঠাই দিয়া হৈছিল উচ্চতৰ মাধ্যমিক শ্ৰেণী ৷
উল্লেখ্য যে, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শাখা আঁতৰাই দিয়া হৈছিল যদিও শেহতীয়াকৈ Covid-19ৰ জটিল পৰিস্থিতিৰ পৰিপেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিশ্ববিদ্যালয়কেইখনত বাহাল ৰাখিছে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী ৷ ইতিমধ্যে টুইটযোগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে চিন্তাৰ পৰা মুক্তি দিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক ৷
কিন্তু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ ড০ দিবাকৰ চন্দ্ৰ ডেকাৰ পৰা পৰা জানিব পৰা মতে শিক্ষা বিভাগৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ নিৰ্দেশনা নোপোৱাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰা নাই নামভৰ্তিৰ প্ৰক্ৰিয়া ৷