Local, Vocal, Global

ৰঙা চীনৰ বিশ্বাসঘাতকতা , লাডাখক লৈ এতিয়া বহু প্ৰশ্ন

লাডাখত প্ৰকৃততে চীনৰ চৰম বিশ্বাসঘাটকতাৰ বলি হ’ল প্ৰায় একুৰি ভাৰতীয় জোৱান। সোমবাৰৰ নিশাৰ ঘটনাৰ পিছত প্ৰথমে তিনিজন ভাৰতীয় সামৰিক লোক শ্বহীদ হোৱাৰ খবৰ ওলাইছিল। কিন্তু মঙলবাৰে নিশালৈ খবৰ ওলাল যে এল এ চি ত আৰু ১৭ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছে। অথচ ফুটা নাছিল কোনো গুলি বৰুদ। কেৱল মাৰপিট আৰু তাৰ পৰা হোৱা খণ্ডযুদ্ধৰ পৰিণতিতেই প্ৰাণ গ’ল ২০ জনকৈ ভাৰতীয় জোৱানৰ। ভাৰত চীনৰ মাজত লাডাখত সীমান্তক কেন্দ্ৰ কৰি যোৱা মে’ মাহৰ পৰাই অব্যাহত ৰৈছিল সংঘাত। কিন্তু  দুয়ো দেশৰ উচ্চ সামৰিক বিষয়া, আৰু বিদেশ সচিব পৰ্যায়ত আলোচনাও হৈছিল ইয়াৰ মাজতে। এল এ চি ৰ মৰ্যাদাক সন্মান জনাই চীনা সেনাই কিছু পিছুৱাই গৈ অৱস্থান লোৱাৰ সিদ্ধান্তও লোৱা হৈছিল আলোচনাৰ মাজেৰেই। আৰু তাৰেই চোৱা- চিতা কৰিবলৈ ভাৰতীয় জোৱান সোমবাৰে নিশা সেই বিবদমান স্থানলৈ গৈছিল। একপ্ৰকাৰ শান্তি প্ৰক্ৰিয়াৰ মাজতেই হঠাৎ ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিল চীনা সৈনিকৰ দল। এনে পৰিস্থিতি হ’ব পাৰে বুলি ভাবিবও পৰা নাছিল ভাৰতীয় সেনাৰ দলটোৱে। আৰু ২০ জনকৈ ভাৰতীয় সেনা শ্বহীদ হ’ল সীমান্তত। এয়া চীনৰ চৰম বিশ্বাসঘাটকতা বুলি অভিযোগ উঠিছে সৰ্বত্ৰ। পিছে ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰাই চীনৰ অভিযোগ, ভাৰতীয় সেনাইহে প্ৰৰোচিত কৰিছিল চীনা সৈনিকৰ দলটোক।