Local, Vocal, Global

নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

নুমলীগড়ৰ মূৰফুলনি আৰু সুন্দৰপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে । এটা বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। কথমপি প্ৰাণৰক্ষা পৰে কেইবাজনো লোকৰ। কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে চাহ বাগিচা আৰু ধাননি পথাৰত বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । হাতীৰ জাকটোৱে নিশাটো বাদেই দিনৰ ভাগতো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি উপদ্ৰৱ চলায়। বন্যহস্তীৰ ত্ৰাসৰ বাবে অনাহাৰে-অনিদ্ৰাই দিন কটাবলগীয়া হৈছে নুমলীগড়ৰ বকিয়াল, ৰংবং, সুন্দৰপুৰ, নাহৰচলা আদি অঞ্চলৰ গাঁওবাসীয়ে। হাতী-মানুহৰ সংঘাত যেন নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে সমগ্ৰ গোলাঘাট জিলাত।