মাত্ৰ ৬ দিনৰ ভিতৰতে আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম
অসমত ৩ হাজাৰ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত এবাৰতে সৰ্বাধিক ১১৩ গৰাকী আক্ৰান্ত ৷ মঙলবাৰে নিশা ১২ বজালৈ এদিনত আক্ৰান্ত ২১৫গৰাকী ৷
ৰাজ্যত আজিৰ দিনটোত এই পৰ্যন্ত নতুনকৈ ৪২ গৰাকীৰ দেহত কৰ’নাৰ সংক্ৰমন ৷ আক্ৰান্ত সকলৰ ১৯ গৰাকী নগাওঁ,১৬ গৰাকী কোকৰাঝাৰ,লখিমপুৰৰ ৪,যোৰহাটৰ ২ আৰু ধেমাজিৰ এগৰাকী ৷ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৩,০৯২ গৰাকীলৈ বৃদ্ধি ৷ ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা ১,৯৯৭ ৷ গৰাকী, ১,০৯৭ গৰাকী আৰোগ্য, ৫ গৰাকীৰ মৃত্যু ৷
কৰ’নাৰ ভয়াৱহ গ্ৰাসত দেশৰ ৰাজধানী দিল্লী ৷ ২৪ ঘন্টাত আক্ৰান্ত ১,৩৬৬গৰাকী ৷ এইপৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৩১,৩০৯গৰাকীলৈ বৃদ্ধি ৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৮,৫৪৩গৰাকী, ১১,৮৬১গৰাকী আৰোগ্য, দিল্লীত কৰ’নাত মৃত্যু ৯০৫গৰাকী ৷ সমগ্ৰ দেশত ২৭,১৪৬ আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১,৩৪,৬৭০গৰাকী ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৭,৭৫০গৰাকীৰ ৷