Local, Vocal, Global

বাঘজানৰ বিভীষিকাৰ মাজতে ২ অয়ল কর্মচাৰীয়ে সাবতিলে মৃত্যুক

বাঘজানৰ তেল খাদ্ত গেছ নিৰ্গত হৈ উদ্ভৱ হোৱা অগ্নিকাণ্ডৰ ফলত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ বাতৰি আহিছে। অগ্নিকাণ্ডৰ বিভীষিকাৰ মাজতে মৃত্যুক সাৱতি লৈছে দুজনকৈ অয়ল কৰ্মচাৰীয়ে। দুৰ্ভগীয়া অয়ল কৰ্মচাৰী দুজন ক্ৰমে তিখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈ। দুয়োজনেই অয়লৰ  অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মচাৰী। মঙলবাৰে বাঘজান তেলখাদৰ যি ঠাইত বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল, সেই স্থানতে কৰ্তব্যৰত অৱস্থাত আছিল দুয়ো। তাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ থকা তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ মৃতদেহ দুটা আজি বিস্ফোৰণথলীৰ ওচৰৰ পানীযুঁৱলীত উদ্ধাৰ হয়। এজন প্ৰতিভাবান ফুটবল খেলুৱৈ ৰূপেও পৰিচিত আছিল দুৰ্লভ গগৈ। সন্দেহ কৰা মতে বিস্ফোৰণৰ লগে লগে প্ৰাণৰ মমতাত দুয়ো জাপ দিছিল পানীত। দ্ৰোণ কেমেৰাৰে দুয়োৰে সন্ধান উলিওৱাৰ পিছত এন ডি আৰ এফ ৰ দলে উদ্ধাৰ কৰে মৃতদেহ দুটা।