Local, Vocal, Global

শাস্ত্ৰীয় সংগীত সাধক স্বনামধন্য সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মা আৰু নাই

ৰাজ্যৰ প্ৰথিতযশা শাস্ত্ৰীয় সংগীত সাধক, প্ৰখ্যাত বেহেলাবাদক, স্বনামধন্য সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মাৰ দেহাৱসান। ৯০ বছৰ বয়সত মঙলবাৰে যোৰহাটৰ নেহৰু পাৰ্কৰ নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে সংগীতপ্ৰাণ শৰ্মাৰ। যোৰহাটত সংগীত চৰ্চাৰ ধ্বজাবাহক অন্যতম পুৰুধা আছিল প্ৰয়াত শৰ্মা। প্ৰথিতযশা সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক প্ৰয়াত ড০ ভৱেন্দ্ৰ নাথ শইকীয়া পৰিচালিত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া কথাছবি ‘সন্ধ্যাৰাগ’ আৰু ‘ইতিহাস’ৰ সংগীত পৰিচালনা কৰা প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই ১৯৯৬ চনত ৰাজ্য চৰকাৰৰ শিল্পী সন্মান লাভ কৰিছিল। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ স্বৰলিপি প্ৰস্তুত কৰিছিল প্ৰয়াত শৰ্মাই। যশস্বী সংগীত সাধকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰমুখ্যে বিভিন্ন ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। মঙলবাৰে বিয়লি যোৰহাটৰ তৰাজান শ্মশানত গুণমুগ্ধৰ শোকাকুল পৰিৱেশৰ মাজত ৰাজ্যিক মৰ্যাদাৰে যশস্বী সংগীত সাধকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।