Constituency delimitation draft : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্ট কংগ্ৰেছে নিৰ্বাচন আয়োগক অভিযোগ দাখিল
জাগীৰোড, ২২ জুন : মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ (Constituency delimitation draft)৷ কিন্তু শাসকীয় দল বিজেপিয়ে ইয়াক ৰাজনৈতিক উদ্দেশ্যৰে সালসলনি কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Congress will file complaint with Election Commission of India) ।
ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কংগ্ৰেছ দলেও বিচাৰিছে । কিন্তু বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ সমষ্টি কটাচিঙা কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিলে বিৰোধী সাংসদগৰাকীয়ে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খৰচা প্ৰস্তাৱৰ বিৰোধীতা কৰি ভাৰতীয় নিৰ্বাচন আয়োগক ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বুলিও জনালে লোকসভাৰ সাংসদগৰাকীয়ে ।
জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শাসকীয় বিজেপি দলক কটু ভাষাৰে কৰিলে সমালোচনা । তেওঁ লগতে কয়, আকাশলংঘী মুল্যবৃদ্ধিৰ সময়ত মাহত ৫ কেজি চাউল দি যদি সকলো জনসাধাৰণ বিজেপিৰ কৃতদাস হৈ গ’ল বুলি ভাবিছে, তেনেহলে বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ৷ বিজেপিৰ আতিশয্য আৰু জনবিৰোধী নীতিত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে ৷
কংগ্ৰেছী সাংসদগৰাকীয়ে বিজেপিৰ আতিশয্য আৰু জনবিৰোধী নীতিৰ যোগ্য প্ৰত্যুত্তৰ জনসাধাৰণে আগন্তুক নিৰ্বাচনসমূহত দিব বুলিও মন্তব্য কৰিলে ৷ লগতে অগ্নিগৰ্ভা মণিপুৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেবাৰে নিৰ্বিকাৰ বুলিও কটাক্ষ কৰে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে ৷
লগতে পঢ়ক : Sivasagar MLA Akhil Gogoi : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈ