Local, Vocal, Global

Sarbananda Sonowal on Rahul Gandhi : ৰাহুল গান্ধী ভাৰত মাতাৰ সেৱাত সমৰ্পিত হওঁক: সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ২২ জুন : বৃহস্পতিবাৰে দুলীয়াজান বিহুতলীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় লোকসভা সমষ্টিভিত্তিক বিশাল জনসভাত কংগ্ৰেছক কঠোৰ সমালোচনা কৰি বিজেপিৰ উন্নয়নমুখী নীতিৰ সন্দৰ্ভত আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে (Sarbananda sonoal on Rahul Gandhi) । অদম্য মনোবল আৰু কৰ্মস্পৃহা, ব্যাপক জনসমৰ্থন আৰু দুৰন্ত সাংগঠনিক শক্তিৰে বিজেপিৰ যাত্ৰা অপ্ৰতিৰোধ্য হৈ থাকিব বুলি সোণোৱালে মন্তব্য কৰে । “ৰাইজে কংগ্ৰেছক মনৰপৰা আঁতৰাই বিজেপিক হৃদয়ত স্থান দিছে। কংগ্ৰেছৰ নীতি আছিল বৈষম্য আৰু বিভাজন। কংগ্ৰেছৰ সিদ্ধান্ত সদায়েই ৰাষ্ট্ৰৰ পৰিপন্থী। ৰাহুল গান্ধীয়ে ভাৰতৰ কথা ঋণাত্মকভাৱে উপস্থাপন কৰি বিদেশৰ মাটিৰপৰা ভাৰত মাতাক সমালোচনা কৰিছে । এয়া কেতিয়াও দেশৰ প্ৰকৃত সেৱকৰ লক্ষণ নহয়। যদি দেশক তেওঁ ভালেই পায়, তেন্তে ভাৰত মাতাৰ গুণানুকীৰ্তনহে কৰিব লাগিছিল, কিন্তু তেওঁ তাৰ বিপৰীতটোহে কৰিলে। এই বিভিন্ন কাৰণত কংগ্ৰেছৰ কোনো শক্তিশালী ভৱিষ্যৎ নাই।”

বিভিন্ন প্ৰান্তৰ জনতা আৰু কাৰ্যকৰ্তাসকলৰ হৰ্ষোল্লাসেৰে পৰিপূৰ্ণ এক উজ্জীৱিত পৰিৱেশত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে উদাত্ত ভাষণ দি কয় যে, “সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ বিজেপি চৰকাৰে সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ ফলশ্ৰুতিতেই সৰ্বস্তৰৰ ৰাইজে বিজেপি দলক সহৃদয়ে আঁকোৱালি ৰাখিছে। জনগণৰ পূৰ্ণ বিশ্বাস- কেৱল বিজেপিয়েহে ৰাষ্ট্ৰ হিতৰ বাবে সমৰ্পিত চেতনাৰে কাম কৰি দেশৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হ’ব।”

লগতে তেওঁ কয়, “পূৰ্বতে ভাৰতৰ স্থান বিদেশৰ বুকুত শক্তিশালী নাছিল, উন্নত দেশবোৰে আমাৰ দেশৰ নেতাক সাক্ষাতেই দিয়া নাছিল, গুৰুত্বই দিয়া নাছিল। কিন্তু এতিয়া আমেৰিকাকে ধৰি বিভিন্ন দেশে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । সমগ্ৰ বিশ্বতে ভাৰতৰ স্থান এতিয়া সুকীয়া । ভাৰত এতিয়া এখন মহাশক্তিধৰ, দ্ৰুত উন্নয়নমুখী আৰু প্ৰযুক্তিগতভাৱে শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে। আত্মনিৰ্ভৰশীলতাৰ দিশতো ভাৰতে যথেষ্ট মনোনিৱেশ কৰিছে। এই সকলো সম্ভৱ হৈছে ভাৰতবৰ্ষৰ বুকুত নতুন শক্তি, সম্ভাৱনা আৰু সাহস উজ্জীৱিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্মুখৰপৰা দিয়া সবল নেতৃত্বৰ বাবে।”

বিজেপি চৰকাৰৰ বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভত আলোকপাত কৰি সোণোৱালে কয়, “মোদীৰ দূৰদৰ্শিতাৰ ফলশ্ৰুতিত বিজেপি চৰকাৰে এনে কেতবোৰ জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰ কংগ্ৰেছে ষাঠি বছৰতো ভাবিব পৰা নাছিল। বিজেপিয়ে ৯ বছৰত কৰা উন্নয়নমূলক কাম কংগ্ৰেছে ষাঠি বছৰত কৰা কামৰ কেইবাগুণো বেছি। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, আয়ুষ্মান ভাৰত, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মুদ্ৰা যোজনা, উজ্জ্বলা যোজনা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী জন ধন যোজনা আদি অনেক আঁচনিৰ সফল ৰূপায়ণেৰে বিজেপি চৰকাৰে উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। গাঁও, চহৰ, চাহ বাগিচা- সকলো ঠাইৰ নাগৰিকেই চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ সুফল লাভ কৰি জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৪৮ কোটি লোকক বিত্তীয় ব্যৱস্থাৰ অন্তৰ্ভুক্তি কৰিছে বিজেপি চৰকাৰে। নতুন আন্তঃগাঁথনি নিৰ্মাণ, যাতায়াত-যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নে সমগ্ৰ দেশৰ ৰূপৰেখা সলনি কৰি দিছে। ২০১৪ চনৰ পূৰ্বৰ ভাৰত আৰু এতিয়াৰ ভাৰতৰ মাজত আকাশ-পাতাল পাৰ্থক্য।”

“কংগ্ৰেছৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কোনো গুৰুত্বই নাছিল। কেৱল শোষণ আৰু লুণ্ঠনৰ স্থলী আছিল উত্তৰ-পূৰ্বাঞ্চল। ইয়াৰ জনতাৰ আশা-আকাংক্ষাক তিলমানো গুৰুত্ব দিয়া নাছিল কংগ্ৰেছে। কিন্তু প্ৰধানমন্ত্ৰী মোডী এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দৃশ্যপটেই জাকতজিলিকা কৰি তুলিলে। এসময়ৰ অৱহেলিত অঞ্চলটোত এতিয়া প্ৰগতিৰ নতুন দিগন্তৰ সূচনা হোৱাৰ লগতে স্থায়ী শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। মোদীয়ে আমাৰ আদৰৰ গামোচাখনক ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ যোৱাটোৱে সূচায় এই অঞ্চলৰ প্ৰতি থকা তেওঁৰ আন্তৰিক টানৰ গভীৰতা। এতিয়া উত্তৰ-পূব ভাৰতে দেশৰ নতুন ইঞ্জিন হিচাপে আগুৱাই যোৱাৰ শক্তি আৰু সাহস লাভ কৰিছে।”

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি নতুন উদ্দীপনাৰে সাংগঠনিক শক্তি সুদৃঢ় কৰাত মনোনিৱেশ কৰিবলৈ সোণোৱালে কাৰ্যকৰ্তাসকলক আহ্বান জনায়। মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে প্ৰতিটো পৰিয়ালৰ সৈতে সংযুক্ত হৈ বিজেপি চৰকাৰৰ জনকল্যাণমূলক পদক্ষেপবোৰৰ বিষয়ে ব্যাপক প্ৰচাৰ চলাবলৈ কাৰ্যকৰ্তাসকলক তেওঁ আহ্বান জনায়।

বিশাল জনসভাখনত লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী বিমল বড়া আৰু শ্ৰী সঞ্জয় কিষাণ, সাংসদ শ্ৰী তপন কুমাৰ গগৈ, বিধায়কসকল- শ্ৰী প্ৰশান্ত ফুকন, শ্ৰী তেৰছ গোৱালা, শ্ৰী নৱ কুমাৰ দলে, শ্ৰী বিনোদ হাজৰিকা, শ্ৰী চক্ৰধৰ গগৈ, শ্ৰী তৰংগ গগৈ, শ্ৰী ভাস্কৰ শৰ্মা, শ্ৰী সুৰেন ফুকন, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী পুলক গোহাঁই, উপ-সভাপতি শ্ৰী অজয় কোঁৱৰ, সম্পাদক শ্ৰী বিকুল ডেকা, ডিব্ৰুগড় জিলাৰ সহ-প্ৰভাৰী শ্ৰী গোবিন শইকীয়া, তিনিচুকীয়া জিলাৰ সহ-প্ৰভাৰী শ্ৰী অনুপ সিং ৰাজপুৰোহিত, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি শ্ৰী জগদীশ ৰাজকোঁৱৰ, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি শ্ৰী কুশকান্ত বড়া, দলৰ ৰাজ্যিক মুখপাত্ৰ শ্ৰী সুভাষ দত্ত প্ৰমুখ্যে আন বিষয়ববীয়াসকল।

লগতে পঢ়ক : Constituency delimitation draft : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্ট কংগ্ৰেছে নিৰ্বাচন আয়োগক অভিযোগ দাখিল