Local, Vocal, Global

Death Threats to Honey Singh : এইবাৰ হানি সিঙক হত্যাৰ ভাবুকি প্ৰদান গোল্ডি ব্ৰাৰৰ

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২২ জুন : মৃত্যুৰ ভাবুকি লাভ কৰিছে জনপ্ৰিয় ৰেপাৰ হানি সিঙে(Death Threats to Honey Singh) । লগতে ৫০ লাখ টকাৰ মুক্তিপণ দাবী কৰা হৈছে । ভাবুকি লাভ কৰাৰ পিছত বুধবাৰে দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীক সুৰক্ষাৰ বাবে অনুৰোধ জনায় হানি সিঙে ।

বিগত বৰ্ষত সংঘটিত হোৱা জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ(killed Sidhu Moose Wala)। এই ভয়াৱহ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল গেংষ্টাৰ গোল্ডি ব্ৰাৰে । মুছেৱালা হত্যাৰ পিছত এইবাৰ কুখ্যাত গেংষ্টাৰগৰাকীৰ ভাবুকিৰ লক্ষ্য হৈ পৰিছে পঞ্জাৱৰে আন এগৰাকী জনপ্ৰিয় গায়ক ৰেপাৰ হানী সিং । এক ফোনকল যোগে দেশৰ জনপ্ৰিয় ৰেপাৰগৰাকীক গোল্ডী ব্ৰাৰে হত্যাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।

এই ভাবুকি ভৰা ফোনকলৰ পিছতে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় হানী সিং । এই সন্দৰ্ভত হানিয়ে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাক অভিযোগ কৰি নিজকে ধৰি সমগ্ৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে অনুৰোধ জনাইছে । লগতে নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ।

হানি সিঙে কয় যে কানাডাৰ পৰা গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ নামত ফোন কলৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত হানি সিঙে কয় যে মোৰ ওচৰত ভাবুকিমূলক ফোন আৰু ভইচ মেছেজ আহি আছে । বিদেশী নম্বৰৰ পৰা এই ফোনটো পাইছিলোঁ মই । মৃত্যুক কোনে ভয় নকৰে । মই সদায় জনসাধাৰণৰ পৰা মৰম লাভ কৰিছো কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এনে ভাবুকি লাভ কৰিছো ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৯ পঞ্জাৱৰ মানচা জিলাত নিজ বাহনেৰে যাত্ৰা কৰি থকাৰ সময়তে এক অচিনাক্ত আক্ৰমণকাৰীৰ দলে গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক (gang killed Sidhu Moose Wala)। এই হত্যাকাণ্ডৰ এদিন পিছতে এক ফেচবুক পোষ্ট যোগে গোল্ডী ব্ৰাৰে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

৫০ লাখ মুক্তিপণৰ দাবী দিল্লী আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে অভিযোগকাৰী হৰ্দেশ সিং ওৰফে হানি সিঙে জনাইছে যে ১৯ জুনত তেওঁৰ মেনেজাৰ ৰোহিত ছাব্ৰাৰ ফোন নম্বৰত ভাবুকিমূলক ফোন আহিছিল । ফোন কৰাজনে নিজকে গোল্ডি ব্ৰাৰ বুলি পৰিচয় দি ৫০ লাখ টকা ধন দাবী কৰে । ইয়াৰ পিচত আকৌ মেনেজাৰজনে একেটা নম্বৰৰ পৰা মুক্তিপণৰ বাবে ফোন আৰু ভইচ মেছেজ লাভ কৰিছিল । অভিযোগ লাভ কৰাৰ লগে লগে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পি এছ বিশেষ কোষত গোচৰৰ এফ আই আৰ নং ১৬৪/২৩ u/s ৩৮৭/৫০৬ আই পি চি পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক : PM Modi gifts to US first lady : আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক হীৰাৰ পৰা ঘি লৈ উপহাৰ প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ