Assam Meghalaya border dispute issue: অসম মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটী, ২৪ মে’: অসম আৰু মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদ সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মাজত বৰ্তমানেও অব্যাহত আছে প্ৰচেষ্টা ৷ ইতিমধ্যে মুঠ বিবদমান অঞ্চলৰ ভিতৰত ছটাকৈ স্থানৰ সমস্যা সমাধান হৈছে যদিও বৰ্তমানেও আৰু ছটা স্থানৰ বিবাদ মীমাংসা হ’বলৈ বাকী আছে । এই ছটা জটিল বিবদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হ’বলৈ বুধবাৰে দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্রী পৰ্যায়ৰ এক বৈঠক অনুষ্ঠিত হয় (CM level meeting on border dispute)। গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত বৈঠকখনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে (Assam Meghalaya border dispute) ।
বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, দুয়োখন ৰাজ্যৰ মাজত ১২ টা বিবদমান অঞ্চল আছিল । তাৰে ছটা এলেকাৰ বিবাদ ইতিমধ্যে মীমাংসা কৰা হৈছে । বাকী থকা ছটা বিবদমান স্থানক লৈ বুধবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত বৈঠক অনুষ্ঠিত হয় । ইতিমধ্যে মন্ত্রী পৰ্যায়ত গঠন কৰি দিয়া আঞ্চলিক কমিটিকেইখনে আজিৰে পৰা বিবদমান এলেকাসমূহ ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিব (Disputed land areas in Assam Meghalaya border)
তাৰোপৰি জুন মাহৰ শেষৰফালে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে প্ৰয়াস কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । লগতে দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলৰ ৰাইজৰ মাজত যাতে বন্ধুত্বৰ ভাৱ গঢ় লৈ উঠে তাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগে ৰাইজক আশ্বস্ত কৰিব পাৰিব লাগিব । ইয়াৰ চুবুৰীয়া দুয়োখন ৰাজ্যৰ চৰকাৰে বিভিন্ন প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি জানিবলৈ দিলে ড৹ শৰ্মাই (Assam CM on border dispute)।
মেঘালয়ৰ সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত কনৰাড চাংমা পুনৰ নিৰ্বাচিত হোৱাৰ পিছত দুয়োখন ৰাজ্যৰ মাজত হোৱা আলোচনাত প্ৰথমবাৰ চৰকাৰী পৰ্যায়ত মিলিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, আলোচনাৰ মাধ্যমেৰে বুজাবুজি আৰু বিশ্বাসৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বাকী থকা ছটা বিবদমান অঞ্চলৰ সমস্যা সমাধান কৰিব পৰা যাব ।
আনহাতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে, ছটা বিবদমান অঞ্চলৰ বিবাদ মীমাংসাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । বুধবাৰৰ বৈঠকত আঞ্চলিক সমিতিসমূহৰ প্ৰতিবেদনবোৰৰ প্ৰতিটো দিশ গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰা হৈছে । তেওঁ কয় যে, আঞ্চলিক সমিতিসমূহক বিবাদমান অঞ্চলৰ তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি সকলো দিশ চালি-জাৰি চোৱাৰ বাবে বৈঠকত পৰামৰ্শ দিয়া হৈছে (Meeting on border dispute)। লগতে আঞ্চলিক সমিতিসমূহৰ এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমান্তৱৰ্তী কাৰ্বি আংলং জিলা আৰু জয়ন্তীয়া পাহাৰৰ বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিব ।
যথেষ্ট জটিল হ’লেও সীমা বিবাদৰ এই সমস্যাৰ শীঘ্ৰে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰগৰাকীয়ে । ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, কিছুমান অঞ্চলৰ বিবাদ সোনকালে মীমাংসা হ’ব পাৰে আৰু কিছুমান অঞ্চলৰ ক্ষেত্রত অলপ সময়ৰ প্ৰয়োজন হ’ব পাৰে ।