Local, Vocal, Global

New Parliament Inauguration : নতুন সংসদ ভৱন উদ্বোধনত একাষৰীয়া কৰিলে ৰাষ্ট্ৰপতিক

নেশ্যনেল ডেক্স, ২৪ মে’ : দেওবাৰে উদ্বোধন কৰা হ’ব দেশৰ নৱ নিৰ্মিত সংসদ ভৱনটোৰ । কিন্তু উদ্বোধনৰ পূৰ্বেই আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ । কিয়নো নতুন সংসদ ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত সম্পূৰ্ণৰূপে একাষৰীয়া কৰা হৈছে দেশৰ ৰাষ্ট্ৰপতিগৰাকীক । ইয়াৰ পিছতে নৱ নিৰ্মিত এই সংসদ ভৱনটিৰ উদ্বোধনৰ কাৰ্যসূচী বৰ্জন কৰিছে তৃণমূল কংগ্ৰেছে (Trinamool Boycott Opening Of New Parliament Building) । কেৱল তৃণমূল কংগ্ৰেছেই নহয় আন বহু বিৰোধী দলেও এই অনুষ্ঠান বৰ্জনৰ হুংকাৰ দিছে (opposition to boycott parliament inauguration) ।

উল্লেখ্য যে, নৱ নিৰ্মিত এই সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত একাষৰীয়া হৈছে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদাধিকাৰ ৰাষ্ট্ৰপতিগৰাকী । ৰাষ্ট্ৰপতিগৰাকীয়েই হৈছে সংসদৰ অভিভাৱক । সেই ৰাষ্ট্ৰপতিকেই আওকান কৰি সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ভাৰতীয় জাতীয় কংগ্ৰেছ, ডিএমকে, আম আদমি পাৰ্টি (APP), শিৱসেনা, সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, কেৰালা কংগ্ৰেছ (মাণি), ভিচিকে, তৃণমূল কংগ্ৰেছ, জনতা দল (ইউনাইটেড), ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি , ৰাষ্ট্ৰীয় জনতা দল (RJD), ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, নেচনেল কনফাৰেন্স, ৰিভলুচেনাৰী চ’ছিয়েলিষ্ট পাৰ্টি, এমডিএমকেসহ (MDK) দেশৰ ১৯ টাকৈ বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক বিবৃতি প্ৰকাশ কৰিছে ।

দেশৰ এই ১৯ টাকৈ বিৰোধী দলে একত্ৰিত হৈ এক বিবৃতিৰ জড়িয়তে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৈৰতান্ত্ৰিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক একাষৰীয়া কৰি নতুন সংসদ ভৱন উদ্বোধন কৰি আকৌ আত্মশ্লাঘাৰ পৰিচয় দিব খুজিছে । বিৰোধী দলসমূহৰ মতে এয়া কেৱল প্ৰধানমন্ত্ৰী মোদীৰ আত্মশ্লাঘাই নহয়, এই কাৰ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক গুৰুতভাৱে অপমান কৰাৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ ওপৰতো প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে ।

বিবৃতিটোত লগতে কোৱা হৈছে যে নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে একমাত্ৰ অগণতান্ত্ৰিক তথা স্বৈৰাচাৰী কাৰ্য কৰাই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বেও অনেক অগণতান্ত্ৰিক কাৰ্য সংঘটিত কৰি নিজৰ স্বৈৰাচাৰী মনোভাৱ প্ৰদৰ্শন কৰি আহিছে ।

বিবৃতিটোত লগতে অভিযোগ কৰি কোৱা হৈছে যে ভাৰতৰ জনসাধাৰণ বা সাংসদসকলৰ কোনো ধৰণৰ পৰামৰ্শ নোহোৱাকৈ শতিকাৰ বৃহত্তম মহামাৰীয়ে দেশৰ অৰ্থনীতিক কোঙা কৰাৰ সময়ত বৃহত্‍ পৰিমাণৰ ধন ব্যয় কৰি একনায়কৰ দৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনটো নিৰ্মাণ কৰিছে ।

“ভাৰতৰ সংবিধানত ৭৯ নং অনুচ্ছেদত কোৱা হৈছে যে ‘সংঘৰ বাবে এখন সংসদ থাকিব যিখন ৰাষ্ট্ৰপতি আৰু দুটা সদনৰে গঠিত হ’ব যাক ক্ৰমে ৰাষ্ট্ৰ পৰিষদ আৰু জনসাধাৰণৰ সদন বুলি জনা যাব ।’ ৰাষ্ট্ৰপতি কেৱল ভাৰতৰে ৰাষ্ট্ৰপতি নহয়, সংসদৰ অবিচ্ছেদ্য অংগও । তেওঁৱে সংসদৰ অধিবেশন আহ্বান, স্থগিত আৰু সম্বোধন কৰে । সংসদৰ এখন আইন কাৰ্যকৰী হ’বলৈ তেওঁৰ স্বাক্ষৰৰ প্ৰয়োজন হয় । মুঠতে ৰাষ্ট্ৰপতিৰ অবিহনে সংসদ চলিব নোৱাৰে । তথাপিও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ অবিহনে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সিদ্ধান্ত লৈছে। এনে অসন্মানীয় কাৰ্যই ৰাষ্ট্ৰপতিৰ উচ্চ পদবীক অপমান কৰিছে । লগতে সংবিধানৰ আক্ষৰিক আত্মা তথা সাৰমৰ্মকো উলংঘা কৰিছে । আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰা বুলি সমগ্ৰ দেশে কৰা গৌৰৱক প্ৰধানমন্ত্ৰীৰ এনে কাৰ্যই চূড়ান্তভাৱে ভেঙুচালি কৰাৰ লগতে অপমানো কৰিছে।” বিৰোধী শিবিৰৰ বিবৃতিটোত এইদৰে প্ৰকাশ হৈছে ।

লগতে পঢ়ক : Terrible incident in Sivasagar: গুপ্তধনৰ সন্ধানত নৰবলিৰ অপচেষ্টা !