Local, Vocal, Global

Rahul defamation case: মানহানিৰ গোচৰ, ৰাহুল গান্ধীৰ আবেদন সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ত আজি শুনানি

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: ‘মোডী উপাধি’ৰ মন্তব্যক লৈ চুৰাট সত্ৰ আদালতে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ইয়াৰ পাছতে এই নির্দেশক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে কৰা আবেদনৰ ভিত্তিত আজি শুনানি গ্ৰহণ কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ নতুন ন্যায়াধীশে গ্ৰহণ কৰিব এই আবেদনৰ শুনানি ।

উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা তালিকা অনুসৰি অহা ২৯ এপ্ৰিলত অৰ্থাৎ আজি ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ হেমন্ত প্ৰাচ্ছকে। ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত ৰাহুল গান্ধীৰ অধিবক্তা পি. এচ. চম্পানেৰীয়ে ন্যায়াধীশ গীতা গোপীৰ আদালতত এই বিষয়ত সবিশেষ উল্লেখ কৰিছিল । কিন্তু ন্যায়াধীশ গোপীয়ে এই শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল ।

উল্লেখ্য যে, ভাৰতীয় জনতা দলৰ বিধায়ক পূৰ্ণেশ মোদীয়ে গুজৰাটত দাখিল কৰা গোচৰত চুৰাটৰ মহানগৰ দণ্ডাধীশৰ আদালতে চলিত বৰ্ষৰ ২৩ মাৰ্চত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰৰ শুনানি প্ৰদান কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (ফৌজদাৰী মানহানি) ধাৰাত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশনাৰে শুনানী দিছিল ।

ইয়াৰ পাছতে জনপ্ৰতিনিধিত্ব আইনৰ বিধান অনুসৰি ৰাহুল গান্ধীক সংসদৰ সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ইফালে ২০১৯ চনত কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভালৈ নিৰ্বাচিত ৰাহুল গান্ধীৰ অধিবক্তাই চলিত বৰ্ষৰ ২০ এপ্ৰিলত চুৰাটৰ দণ্ডাধীশৰ আদালতে কংগ্ৰেছ নেতাগৰাকীৰ দোষী সাব্যস্ত কৰা নিৰ্দেশৰ স্থগিতাদেশৰ বাবে কৰা আবেদন নাকচ কৰে। এই গোচৰত বৰ্তমান জামিনত আছে গান্ধী ।