Local, Vocal, Global

কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

ডিজিটেল ডেস্ক:- কাজিৰঙাৰ হালধিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।শনিবাৰে পুৱা কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনাটো। বলেৰ’পিকআপ ভান খুন্দা মাৰে থোৱা ট্ৰাকত।

পথৰ কাষত ৰখাই থোৱা ট্ৰাকৰ পাছফালে তীব্ৰ খুন্দা বলেৰ’পিকআপ ভানৰ।দুৰ্ঘটনাটোত বলেৰ’পিকআপ ভানখনৰ দুজন আৰোহীৰ থিতাতে নিহত হয়।

আনহাতে ভানখনৰ এজন আৰোহী আৰু চালকজন গুৰতৰ ভাৱে আহত হয়।পিছত সংকটজন অৱস্থাত দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ AS 02 AC 6438 আৰু পিকআপ ভানৰ নম্বৰ AS 01PC 7747।