Local, Vocal, Global

অসম বিধানসভাত হুলস্থুলীয়া পৰিৱেশ;হুলস্থুলীয়া পৰিৱেশৰ মাজতে ৩ বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰে…

ডিজিটেল ডেস্ক:- অসম বিধানসভাত হুলস্থুলীয়া পৰিৱেশ।মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে সৃষ্টি হয় তীব্ৰ হুলস্থুল।মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে বিৰোধী বিধায়কসকলে হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে।কংগ্ৰেছৰ বিধায়কসকলে থিয় হৈ সদনত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।ৰাহুল গান্ধীৰ বিষয়টোক লৈ কংগ্ৰেছে সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল।বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল।

বিৰোধীৰহুলস্থুলৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কালিৰ CLPতে হুলস্থূল কৰিম বুলি সিদ্ধান্ত লোৱা বুলি মই জানো৷ বিৰোধী দলপতিয়ে কথা কওঁতে মই মনে মনে আছিলো। এতিয়া মই কওঁতে কিয় কৈ আছে। যদি হুলস্থূল কৰিম সিদ্ধান্ত লৈ আহিছে কৰক নহ’লে বহক।’

ইয়াৰ পিছতে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে কংগ্ৰেছৰ বিধায়কসকলে।হুলস্থুলীয়া পৰিৱেশৰ মাজতে ৩ বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰে।বহিষ্কৃত ৩ বিধায়কৰ ভিতৰত ২ বিধায়ক কংগ্ৰেছৰ। শিৱসাগৰ বিধায়ক অখিল গগৈ লগতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক সদনৰ পৰা বহিষ্কাৰ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু কমালাক্ষ দে পুৰকায়স্থক ৫ এপ্ৰিললৈ বহিষ্কাৰ কৰাৰ বাবে প্ৰস্তাব ৰাখিছিল।অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন ৫ এপ্ৰিলত সমাপ্ত হ’ব।