Google Pay, PhonePe ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ; ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন

ডিজিটেল ডেস্ক:- Google Pay, PhonePe ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ। ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন। এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব মাচুল। নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰিছে।০.৫ ৰ পৰা ১.১ শতাংশলৈ মাচুল লোৱাৰ চিন্তা-চৰ্চা কৰিছে।
এই চাৰ্কুলাৰখনৰ জৰিয়তে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টছ (পিপিআই)ক ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউ পি আইৰ লেনদেনৰ বাবে মাচুল নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। নেশ্যনেল পেমেন্টথ কৰ্পৰেশ্য়ন অৱ ইণ্ডিয়া চমুকৈ NPCI য়ে জাৰি কৰিছে নিৰ্দেশনা।