Local, Vocal, Global

পুৱা ৮ বজাৰ পৰা ভোটগণনা, গুজৰাট-হিমাচল কোন হ’ব সফল

২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বৰ চেমি ফাইনেল সদৃশ দুখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব৷ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে৷ কিয়নো এই নিৰ্বাচনে অহা দুবছৰত আন বহুতো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বিষয়ে ইংগিত দিব৷ দেশৰ ভৱিষ্যতৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব। ভোটগণনা বৃহস্পতিবাৰে পুৱা ৮ বজাত আৰম্ভ হ’ব আৰু অহা তিনি ঘণ্টাৰ ভিতৰত ফলাফলৰ এক স্পষ্ট ছবি ওলাই আহিব। দিন আগবাঢ়ি যোৱাৰ লগে লগে, দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু আন কিছুমান ৰাজ্যত অনুষ্ঠিত বিধানসভা আৰু লোকসভা উপ-নিৰ্বাচনৰ সকলো ফলাফল প্ৰকাশ কৰা হ’ব।

গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ সৰ্বমুঠ ১৮২টা বিধানসভা সমষ্টিত নিৰ্বাচিত অনুষ্ঠিত হয়৷ ১৯৯৮ চনৰ পৰা ৰাজ্যখনত শাসন কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ বিৰোধী ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল যদিও শক্তিশালী ৰূপত আপৰ প্ৰৱেশ ঘটে৷ ইয়াৰ আগত বিধানসভা নিৰ্বাচন ২০১৭ চনৰ ডিচেম্বৰত অনুষ্ঠিত হৈছিল৷ ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৯৯ খন আসন৷ কিন্তু কংগ্ৰেছৰ বিসম্বাদীয়ে বিজেপিত যোগদান কৰাত ১১২লৈ সংখ্যা বৃদ্ধি হয় বিজেপিৰ৷ ২০১৭ত বিজেপিয়ে চৰকাৰ গঠন কৰে আৰু বিজয় ৰুপানি মুখ্যমন্ত্ৰী হৈছিল পাছত মুখ্যমন্ত্ৰী সলনি কৰি ভূপেন্দ্ৰ পেটেলত নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গুজৰাটত ভূপেন্দ্ৰ পেটেলত দায়িত্ব দিয়ে৷

ইপিনে হিমাচল প্ৰদেশ একালত কংগ্ৰেছৰ দুৰ্গ আছিল৷ বীৰভদ্ৰ সিঙে মুখ্যমন্ত্ৰী হিচাপে ৬টা কাৰ্যকাল তথা ২১ বছৰ মুখ্যমন্ত্ৰী হৈছিল৷ সিঙে হিমাচল প্ৰদেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী৷ বীৰভদ্ৰ সিং আৰু পুত্ৰ বিক্ৰমাদিত্য সিঙে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ৬৮ খন আসনৰ বাবে ভোটদান ১২ নৱেম্বৰত অনুষ্ঠিত হৈ যায়৷ হিমাচল প্ৰদেশত বিজেপিয়ে শাসন কৰি আছে৷ ৰাজ্যখনৰ তৃতীয় প্ৰধান ৰাজনৈতিক শক্তি হিচাপে পৰিগণিত হৈছে আপ৷
এইবাৰ হিমাচল প্ৰদেশত নিৰ্বাচনী যুঁজ তীব্ৰতৰ কৰি তুলিছে। ২০১৭ৰনিৰ্বাচনত, বিজেপিয়ে ৪৪ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল৷ কংগ্ৰেছে মাত্ৰ ২১ খন আসন লাভ কৰিছিল।