দেশৰ তৃতীয় বৃহৎ ৰাজনৈতিক শক্তিত পৰিগণিত হ’ব নেকি অৰবিন্দ কেজৰিৱালৰ আপ

আজি দুই ৰাজ্যৰ ফলাফল ঘোষণা কৰাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিব৷ সেয়া হৈছে আপ দলৰ ভৱিষ্যত৷ আপে সকলোতকৈ বেছি যুঁজ দিয়া ৰাজ্যখন হৈছে গুজৰাট৷ যিকোনো প্ৰকাৰে আপে গুজৰাট দখল কৰিব খুজি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হোৱাৰ দিশে আগবাঢ়িবলৈ প্ৰয়াস কৰিছে৷ ৰাষ্ট্ৰীয় দলৰ মান্যতাৰ বাবে আপৰ বহু দূৰ যাবলৈ বাকী আছে৷ বিজেপিয়ে ১৫ বছৰে শাসন কৰি থকা দিল্লী পৌৰসভাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে আম আদমী পাৰ্টীয়ে৷ পঞ্জাৱ আৰু দিল্লীত চৰকাৰ চলাই আছে আপে৷ যদি হিমাচল আৰু গুজৰাটত সফলতা অৰ্জন কৰে তেন্তে আপ দল দেশৰ তৃতীয় সৰ্ববৃহৎ ৰাজনৈতিক শক্তিত পৰিণত হ’ব সেই কথা নুই কৰিব নোৱাৰে৷
এইবাৰ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ শক্তিশালী উপস্থিতিয়ে নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিছে। পঞ্জাৱত বিশাল বিজয়ত উৎসাহিত হৈ আপে এতিয়া ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হোৱাৰ উচ্চাকাংক্ষাৰে আগবাঢ়িছে। এইটোৱে বিজেপি আৰু কংগ্ৰেছ দুয়োৰে বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱা আম আদমী পাৰ্টিৰো গুজৰাটক লৈ বিশেষ আশা কৰিছে।
২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বৰ চেমি ফাইনেল সদৃশ দুখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব৷ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে৷ কিয়নো এই নিৰ্বাচনে অহা দুবছৰত আন বহুতো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বিষয়ে ইংগিত দিব৷ দেশৰ ভৱিষ্যতৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব। ভোটগণনা বৃহস্পতিবাৰে পুৱা ৮ বজাত আৰম্ভ হ’ব আৰু অহা তিনি ঘণ্টাৰ ভিতৰত ফলাফলৰ এক স্পষ্ট ছবি ওলাই আহিব।