Local, Vocal, Global

৯ জুনত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ

নিউজ ডেস্ক, ২ জুন :বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ৯ জুনত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হব বুলি জানিব দিয়ে।

কাৰ্বি আংলঙৰ পৰা এজন বিধায়কক মন্ত্ৰীত্ব দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সম্ভৱত সঞ্জয় কিষাণক হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ পৰা বহিষ্কাৰ কৰিব। বিগত এক সপ্তাহ ধৰি আলফাৰ অধক্ষ্য পৰেশ বৰুৱাক ক্ষমা খোজাৰ বাবে সঞ্জয় কিষাণক মন্ত্ৰী সভাৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে বিভিন্ন জনে দাবী উত্থাপন কৰি আহিছিল ।

যদিও এই সৰ্ম্পকত বৰ্তমান সময়লৈকে হিমন্ত বিশ্ব শৰ্মাই একো মন্তব্য প্ৰদান কৰা নাই তথাপিও ৯ জুনত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হব বুলি কৰা মন্তব্যই তাৰে ইংগিত বহন কৰে।

কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক তথা বৰ্তমান বিধান সভাৰ উপাধক্ষ নোমল মোমিনক হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত মন্ত্ৰীত্ব দিয়াৰ সম্ভাৱনা

তাৰোপৰি মন্ত্ৰী সভাত তিনি চাৰিজন বিধায়কক অন্তৰ্ভুক্ত কৰাৰৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।