মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাৰ বিস্ফোৰণ
নিউজ ডেস্ক, ২ জুন : বৃহস্পতিবাৰে কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভূপেন বৰাই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে।
ক’ভিডৰ সুযোগ লৈ স্বাস্থ্যমন্ত্ৰী হৈ থকা কালত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নীতি-বহিৰ্ভুতভাৱে পত্নী, পুত্ৰৰ অৰ্থনৈতিক মুনাফাৰ বাবে তিনিটা প্ৰতিষ্ঠানক কোটি কোটি টকাৰ সামগ্ৰী যোগানৰ ঠিকা আৱণ্টন কৰা কাৰ্যৰ তদন্ত চি বি আই আৰু ই ডিৰ হতুৱাই কৰোৱাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।
তাৰোপৰি ভূপেন কুমাৰ বৰাই আৰু কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসম সুৰক্ষিত নহয়।
সাংবাদিকৰ আগত ভূপেন বৰাৰ প্ৰশ্ন পিপিই কিট আনিছে বুলি এৰোপ্লেনৰ ওচৰত ফটো মৰা মানুহ জন কোন আছিল ? আৰু সেই পিপিই কিট ৬৫শতাংশ বেনিফিতত দিয়াটো হয় নে নহয় ? মুখ্যমন্ত্ৰীৰ একেটা পৰিয়ালে এয়াৰপৰ্টৰ ওচৰত চিলিং চাৰপ্লাচ লেণ্ড দখল কৰাটো সঁচা নে মিচা ?
মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে কৰা দুৰ্নীতিৰ তদন্ত কৰি তাৰ বিৰুদ্ধে উচিত শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাই। তেখেতে লগতে কয় যে উচিত শাস্তি প্ৰদান নকৰালৈকে অকল কাৰ্বি আংলঙতে নহয় সমগ্ৰ অসমতে যুব কংগ্ৰেছ আৰু এনএচৱাইৰ নেতৃত্বত পিপিই কিট পৰিধান কৰি আন্দোলন চলাই যাব।
লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াক অপসাৰণৰ চেষ্টা কৰিছে আৰু সেয়েহে পৰৱৰ্তী প্ৰধানমন্ত্ৰী উত্তৰ-পূবৰ পৰা ঘোষণা কৰিছে।