পত্নীৰ কটা মূৰ লৈ থানাত উপস্থিত হত্যাকাৰী স্বামী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ লখিমপুৰত হত্যাকাণ্ড। লখিমপুৰৰ লীলাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পত্মীক শিৰচ্ছেদ কৰিলে স্বামীয়ে।
ইয়াৰপিছতেই শিৰচ্ছেদ কৰি পত্নীৰ মূৰ লৈ আৰক্ষী থানাত উপস্থিত হয় স্বামী। লীলাবাৰীৰ কাচিপথাৰত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ নাম ফৈজুলা বেগম আৰু হত্যাকাৰী স্বামীৰ নাম মইনুল আলী।
পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে এনে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী মইনুল আলী।