Local, Vocal, Global

পঞ্চম দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য

নিউজ ডেস্ক,২৭ মাৰ্চঃ পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিলে ইন্ধনৰ মূল্য। দেওবাৰেও অব্যাহত থাকিল পেট্ৰ’ল- ডিজেলৰ মূল্য।

প্ৰতিলিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ৫৫ পইচাকৈ বৃদ্ধি পাইছে। অসমৰ কেইবাখনো জিলাত পেট্ৰ’লৰ মূল্যই পাৰ কৰিলে ১০০ ৰ দেওনা। লখিমপুৰ, মাজুলীত পেট্ৰ’লৰ মূল্য ১০০ ৰো অধিক। ইফালে কামৰূপ মেট্ৰ’ত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৮. ১২ টকা আৰু ডিজেলৰ মূল্য ৮৪.৭৯ টকা।

ৰাজধানী দিল্লীতো আজি পেট্ৰ’লৰ মূল্য হৈছেগৈ ৯৯. ১১ টকা আৰু ডিজেলৰ মূল্য ৯০.৪২ টকা। আনহাতে মুম্বাইত বৃদ্ধি পাইছে প্ৰতিলিটাৰ পেট্ৰ’লত ১১৩ টকা।

উল্লেখ্য যে, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷