Local, Vocal, Global

জনজাতিকৰণৰ দাবীত বঙাইগাঁওত কোঁচ ৰাজবংশীসকলৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, ৬ জানুৱাৰী : বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা দেৱে নতুন বৰ্ষৰ প্ৰথমটো দিনতে সংবাদ সম্বোধন কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে জনজাতিসকলৰ বিৰোধীতাৰে অসম ৰক্তাক্ত হব বুলি দোহাৰি প্ৰকাৰন্তে অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক নস্যাৎসা কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক প্ৰেছ বিবৃতি যোগে গুৰুতৰ অভিযোগ কৰিছে।

 পৃথক কমতাপুৰ ৰাজ্য গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিকৰণৰ দাবীত আজি বঙাইগাঁও চহৰৰ পাগালাস্থানত ৰাতিপুৱা ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিবৃতিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত কাল চোৱাত এতিয়াৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাবে গঠিত মন্ত্ৰী মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত সকলো জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰি জনজাতি কৰণৰ বিষয়টোৰ এক সৰ্বসন্মত ঐক্যমত উদ্ভাৱন কৰি বিষয়টো সন্দৰ্ভত অতি সোনকালে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিম বুলি দৃঢ়তিৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া আকৌ নতুন বৰ্ষৰ প্ৰথমটো দিনতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হব বুলি প্ৰকাশ কৰি জনজাতিকৰণৰ বিষয়টোক উলাই কৰাটো কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বাবে চৰদ দুৰ্ভাগ্যজনক।

জাতীয় পৰিষদৰ নেতা দুগৰাকীয়ে বছৰটোৰ আৰাম্ভনিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ পৰা এনে বক্তব্য আশা কৰা নাছিল বুলি প্ৰকাশ কৰি কয় যে কোচ ৰাজবংশী সংগঠনৰে ২০২১ চনৰ ১৫ অক্টোবৰ তাৰিখে খানাপাৰাস্থ প্ৰশাসনিক মহাবিদ্যালয়ত কোচ ৰাজবংশী জাতীয় সংগঠনৰে হোৱা আনুষ্ঠানিক বৈঠকত অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলক ভৈয়াম জনজাতি আৰু অসমৰ অন্যান্য জিলাৰ কোচ ৰাজবংশী সকলক নতুন বা অন্যান্য (এন)ৰ স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰী মণ্ডলীয়ে সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়া হৱ বুলি ড° হিমন্ত বিশ্ব শৰ্মাই জনজাতি কৰণৰ বিষয়টো সমাধানৰ কথা কৈছিল। আনহাতে মুখ্যমন্ত্ৰীয়ে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতি আৰু জনজাতি (এন) দিয়াৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘও একমত বুলি তদানীন্তন মন্ত্ৰীগোটৰ অধ্যক্ষ মহোদয়ে আমাক অবগত কৰিছিল ।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনে কেৱল বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলোকো অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলৰ দৰে ভৈয়াম জনজাতি হিচাবে অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰী মণ্ডলীক অনুৰোধ জনাই যৌথভাৱে স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। তেনে স্থলত এতিয়া কি যুক্তিত অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতি কৰণ কৰিলে জনজাতি সংগঠন সমূহে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৱ বুলি খোদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাটো অতি দুৰ্ভাগ্য জনক।

বিমল কুমাৰ বৰ্মন আৰু বিশ্বজিৎ ৰায়ে অনুকিয়াই কয় যে ১৯৯৬ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰচেষ্টাত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড’ শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা কালত কোনো জনজাতি সংগঠনে অসম ৰক্তাক্ত কৰা নাছিল । বৰং জনজাতি সংগঠন সমূহে আদৰণি জনাই ভৈয়াম জনজাতিৰ বাবে বৰ্তমানে থকা দহ শতাংশ সংৰক্ষিত আসন বৰ্দ্ধিত কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছিল বুলি উল্লেখ কৰে।

আনহাতে অনুসূচিত জনজাতিকৰণ বাবে ১৯৯৭ চনত তদানীন্তন সাংসদ ড° অমৰ ৰায় প্ৰধানীৰ নেতৃত্বত গঠিত ১৬ জনীয়া সংসদীয় বাচনি কমিটিয়েও অসম ভ্ৰমণ কৰি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলোক জনজাতিৰ তালিকাভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক লিখিতভাবে প্ৰতিবেদন দাখিল কৰিছিল। আনকি তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰে ২০০২ চনৰ ১৮ ডিচেম্বৰ তাৰিখে লোকসভাৰ মজিয়াত কোচ ৰাজবংশী সকলোক জনজাতিকৰণ বাবে প্ৰয়োজনীয় সকলো অনুমোদন সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল৷ নেতাদ্বয়ে কয় য়ে অসমৰ জনজাতি সংগঠন সমূহেও জানে কোচ ৰাজবংশী জনগোষ্ঠীৰ এয়া সাংবিধানিক তথা জন্মগত অধিকাৰ। আনকি ২০০৬ চনত বিশ্বজিৎ ৰায় নেতৃত্বাধীন আক্ৰাছু আৰু এবচুৰে কোকৰাঝাৰ এবচুৰ মুখ্য কাৰ্যালয়ত হোৱা আলোচনাত বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নকৰাকৈ কোচ ৰাজবংশীক জনজাতিকৰণ কৰিলে কোনো আপত্তি নাই বুলি লিখিত ভাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ এটা জনগোষ্ঠীক ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে এবাৰ জনজাতিৰ মৰ্যাদা দিয়াৰ এবছৰ পিছতে সেই মৰ্যাদাৰ পৰা বঞ্চিত হব লগা হোৱাতো ভাৰতৰ ৰাজনৈতিক ইতিহাসত বিৰল৷

কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কোচ ৰাজবংশী সকলে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ওচৰতহে জনজাতিকৰণ দাবী কৰিছে। কোনো জনগোষ্ঠী বা জনজাতি সংগঠনৰ ওচৰত দাবী কৰা নাই। জনজাতিকৰণ বিষয়টো জনজাতি সংগঠন বা বৰ্তমানৰ জনজাতিসকলৰ পৈতৃক সম্পত্তি নহয়৷ যি জনগোষ্ঠীৰ জনজাতিৰ বৈশিষ্ট্য সমূহ বিদ্যমান তেনে জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। কোচ ৰাজবংশী সকলে কেন্দ্ৰ আৰু অসম চৰকাৰৰ ওচৰত যুক্তিসহকাৰে জনজাতিকৰণ বিচাৰিছে। কোনো জনজাতিৰ ওচৰত ভিক্ষাৰ জোলোঙা লৈ জনজাতিকৰণ বিচৰা নাই। চৰকাৰে কোনো জনজাতি সংগঠনৰ ওচৰত ভয় ভাবুকিত শিৰনত হৈ কোনো জনগোষ্ঠীক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাটো গণতান্ত্ৰিক দেশ এখনৰ সংবিধানৰ পৰিপন্থী বুলি নেতাদ্বয়ে কয়। নেতাদ্বয়ে বিবৃতিটোত চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ বিষয়টো সন্দৰ্ভত দুমুখীয়া নীতি পৰিহাৰ কৰি আলাপ আলোচনাৰ মাধ্যমেৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ কৰা হৱ নে নহব এক কথাত পোনপটীয়াকৈ জবাব দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। বৰ্মন আৰু ৰায়ে কয় কোচ ৰাজবংশী সকলে কাৰো সতে সংঘাত আৰু বাকবিতণ্ডা নিবিচাৰে বুলি উনুকিয়াই কয় য়ে কোচ ৰাজবংশী সকল ঐতিহাসিক ভাবে এটা যুজাৰু জাতি৷ কোনেও ভয় ভাবুকিৰে বশ কৰাটো সম্ভৱ নহয়। এটা সহনশীল সহজ সৰল আৰু শান্তিপ্ৰিয় কোচ ৰাজবংশী জনগোষ্ঠীয়ে সুদীৰ্ঘ পঞ্চাচ বছৰৰো অধিক কাল নিজৰ প্ৰাপ্য আদায়ৰ সংগ্ৰামত অহৰহ লাগি আছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানৰ প্ৰতি গভীৰ আস্থা তথা বিশ্বাস ৰাখি। কোচ ৰাজবংশী জনগোষ্ঠীক তৎকালে জনজাতি কৰণৰ দাবীত আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবী আজি বঙাইগাঁও চহৰত No ST No Rest, No Kamatapur No Rest, We want justice, Our demand legal demand, জনজাতি সংঘ হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে তিনি ঘন্টীয়া ধৰ্মঘট পালন কৰি বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ৰীক সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আজিৰ কাৰ্যসূচীত শালবাৰী, উত্তৰ শালমাৰা, বিলাসীপাৰা, বিজনী, চিৰাং, বঙাইগাঁও জিলা কোচ ৰাজবংশী জিলা সমিতি, বিটিআৰ কোচ ৰাজবংশী সন্মিলনী আৰু কমতাপুৰ পিপুলচ্‌ পাৰ্টিৰ নেতৃবৃন্দ উপস্থিত থাকে৷ আজিৰ কাৰ্যসূচীৰ পিছতো যদি কেন্দ্ৰীয় আৰু অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ বিষয়টো আৰু কমতাপুৰ ৰাজ্যৰ দাবীটো সমাধান নকৰে তেতিয়াহলে কোচ ৰাজবংশী জাতীয় পৰিষদে তীব্ৰ গনতান্ৰিক গণ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে।