Local, Vocal, Global

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীসকলৰ সুবিধাৰ্থে ২৪ ঘন্টাই মজুত থাকিব চিকিৎসক

নিউজ ডেস্ক,৬জানুৱাৰী: বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ কৰ্তৃপক্ষই জনাই যে চলিত বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা বিমানকোঠত ২৪ ঘন্টা ধৰি যাত্ৰীসকলৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱা উপলব্ধ হব। এই ক্ষেত্ৰত অত্যাধুনিক আৰু বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান এপল’ হস্পিতালে বিমানকোঠৰ কৰ্তৃপক্ষৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। চলিত মাহৰ ৫ তাৰিখৰ পৰাই এই চুক্তি কাৰ্যকৰী হোৱাত যাত্ৰীসকলে জৰুৰীকালীন পৰিস্থিতিত বিমানকোঠৰ ভিতৰত চিকিৎসক সকলৰ পৰা তৎকালীন ভাৱে প্ৰাথমিক স্বাস্থ্যসেৱাৰ লগতে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শও লাভ কৰিব। বিমানকোঠৰ কৰ্তৃপক্ষই আৰু জানিবলৈ দিয়া অনুসৰি, বিমান বন্দৰৰ যাত্ৰীসকলক তৎকালীন ভাৱে উচ্চমানৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলৈও ব্যবস্থা গ্ৰহণ কৰা হৈছে।