ক’ভিড ভেকচিন বাধ্যতামূলক কৰাক লৈ হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

‘আমি পৰীক্ষাগাৰৰ এন্দুৰ নহয়’, ক’ভিড ভেকচিন বাধ্যতামূলক কৰাক লৈ হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ, নিউজিলেণ্ডত ক’ভিড ভেকচিন বাধ্যতামূলক কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে হাজাৰ হাজাৰ লোকে নিউজিলেণ্ডৰ সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।
ক’ভিড মহামাৰী ৰোধৰ নামত নিউজিলেণ্ড চৰকাৰে ক’ভিড ভেকচিন আৰু ল’কডাউন বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰাৰ পাছতে দেশকনৰ সহস্ৰাধিক নাগৰিকে এইদৰে সংসদ ভৱনৰ সন্মুখত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে।
প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
“আমাৰ স্বাধীনতা আছে…কিৱি সকল পৰীক্ষাগাৰৰ এন্দুৰ নহয়,” প্ৰতিবাদস্থলীত একাংশ প্ৰতিবাদকাৰীয়ে এইদৰে কয়।
উল্লেখযোগ্য যে, বিগত মাহত নিউজিলেণ্ড চৰকাৰে দেশখনৰ সকলো শিক্ষক আৰু স্বাস্থ্য ক্ষেত্ৰত কাম কৰা কৰ্মচাৰীৰ বাবে ক’ভিড ভেকচিন বাধ্যতামূলক কৰিছিল।
নিউজিলেণ্ডে এতিয়ালৈ বহু পৰিমাণে অন্য দেশসমূহৰ তুলনাত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে।