পাকিস্তান আৰু চীনে অংশগ্ৰহণ নকৰে আফগানিস্তান সন্দৰ্ভত ভাৰতে আয়োজন কৰা বৈঠকত
পাকিস্তানৰ পাছত চীনেও আফগানিস্তান সন্দৰ্ভত ভাৰতে আয়োজন কৰা বৈঠকত অংশগ্ৰহণৰ প্ৰস্তাৱ অস্বীকাৰ কৰে। চীনে বৈঠকৰ সময়সূচীৰ দোহাই দি বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।
পাকিস্তান আৰু চীনে ভাৰতে অনুষ্ঠিত কৰিব বিচৰা বৈঠকত অংশগ্ৰহণ নকৰিলেও ৰাছিয়া, ইৰাণ, তাজিকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, কাজাখাস্তান আৰু কিৰ্গিস্তানে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা পৰ্যায়ৰ বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডোভালে এই বৈঠকত অধ্যক্ষতা কৰিব।
উল্লেখযোগ্য যে, আফগানিস্তান সন্দৰ্ভত ভাৰতে আয়োজন কৰিব বিচৰা বৈঠকত পাকিস্তানে পূৰ্বেই অংশগ্ৰহণ নকৰো বুলি স্পষ্ট কৰি দিছিল। পাকিস্তানৰ পাছত এতিয়া পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ চীনেও এই বৈঠকত অংশগ্ৰহণৰ প্ৰস্তাৱ অস্বীকাৰ কৰে ।