এইবাৰ বিজেপিৰ পৰা টিএমচি লৈ ৰাওনা বাবুল সুপ্ৰিয়
এইবাৰ বিজেপিৰ পৰা টিএমচি লৈ ৰাওনা বাবুল সুপ্ৰিয়
পশ্চিমবঙ্গৰ ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তনৰ বাবেই টিএমচি ( TMC ) ত যোগদান কৰে বিজেপিৰ বাবুল সুপ্ৰিয়ই । বৰ্তমান বিজেপিয়ে পশ্চিমবঙ্গত ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে । মোদী চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে থকা সাংসদ বাবুল সুপ্ৰিয়ই টি এম চি ত যোগদান কৰে । তেওঁ কিছুদিন পূৰ্বেই বিজেপিৰ পৰা বিদায় লৈছিল । এই বিদায় ক্ষণত এটা পোষ্ট যোগে তেওঁ অৱগত কৰিছিল ‘ৰাজনীতিৰ পৰা সন্যাস লৈ আৰু ৰাজনীতি ত নথকা কৈ মানৱ সেৱা কৰিব, মানৱ সেৱা কৰিব কাৰণে ৰাজনীতি ত থকাটো জৰুৰী নহয় । ৰাজনীতিত নথকা কৈয়ে এই উদ্দেশ্য পুৰন কৰিব পাৰিব ।’
টি এম চি সাংসদ অভিষেক বেনাৰ্জী আৰু ডেৰেক অ’ব্ৰাইনৰ অধীনত তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰে । টিএমচি ত যোগদান কৰাৰ পিছতে তেওঁ কয় যে তেওঁ আছানচোলৰ সাংসদৰ পদও ত্যাগ কৰিব । সোমবাৰৰ দিনটোত তেওঁ মমতা বেনাৰ্জীৰ সৈতে সাক্ষাৎ কৰিব ।
টিএমচিয়ে বাবুল সুপ্ৰিয়ই দলত যোগদান কৰাৰ পিছতে মন্তব্য প্ৰকাশ কৰে যে টিএমচি ৰ মহা সচিব অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভা সাংসদ ডেৰেক অ’ব্ৰাইনৰ উপস্থিতত পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু বাবুল সুপ্ৰিয়ই টিএমচি ত যোগদান কৰে । এই সুযোগতে আমি তেঁওক দললৈ স্বাগতম জনাইছোঁ । বৰ্তমান সময়ত বাবুল সুপ্ৰিয়ৰ সুৰক্ষা শ্ৰেণী সলনি কৰি জেড (Z) ৰ সলনি ৱাই (Y) শ্ৰেণীৰ সুৰক্ষা ব্যৱস্থা দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সুবিধা বাবুল সুপ্ৰিয়ক দিয়া গৈছে । সুপ্ৰিয়ক CRPF ৰ সুবিধা ও দিয়া হৈছে ।