Local, Vocal, Global

বিৰাট কোহলীয়ে ত্যাগ কৰিব নেকি RCB দলৰ পৰা অধিনায়কত্ব ?

বিৰাট কোহলীয়ে ত্যাগ কৰিব নেকি RCB দলৰ পৰা অধিনায়কত্ব ?
এই কথা কলে প্ৰশিক্ষকে ।
বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটত টীম ইণ্ডিয়া ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল ।
তেওঁ বৃহস্পতিবাৰে (১৬ ছেপ্টেম্বৰ) তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে জনাইছিল যে বিশ্বকাপৰ পিছত তেওঁ আৰু টি-২০ ফৰ্মেটত টীম ইণ্ডিয়াৰ অধিনায়ক নহ’য় ।

কোহলিৰ এই ঘোষণাৰ পিছত সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে । তেওঁৰ এই সিধান্তৰ আঁৰৰ কাহিনী বহু বিশেষজ্ঞই বিভিন্ন কাৰণ দাঙি ধৰিছে ।
বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটত টীম ইণ্ডিয়া ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল ।
ৰাজকুমাৰে কয়, “আইচিচি টুৰ্ণামেণ্ট ত জিকিব নোৱাৰাৰ ক্ষেত্ৰত, মই নাভাবো যে এইটো ইমান ডাঙৰ টেগ বুলি ।

তেওঁ এজন সফল অধিনায়ক আৰু মই প্ৰতিটো ফৰ্মেটৰ বিষয়ে কথা পাতি আছোঁ ।
তেনে ক্ষেত্ৰত, আপুনি আইচিচি ট্ৰফীৰ আধাৰত এজন অধিনায়কক ভাল বা বেয়া বুলি ক’ব নোৱাৰে।
কোহলীৰ অভিলেখই দেখুৱাইছে যে তেওঁৰ অধিনায়ক আৰু খেলুৱৈ হিচাপে দেশ খন আছে ।

 

ৰাজকুমাৰ শৰ্মাই আৰু কয় যে কোহলীয়ে যথা সময়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) অধিনায়কত্বও ত্যাগ কৰিব পাৰে ।
‘আই পি এলৰ ক্ষেত্ৰত, মই ভাবো কোহলীয়ে যথা সময়ত আৰচিবিৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰিব পাৰে। তেওঁ বেটছমেন হিচাপে খেলা অব্যাহত ৰাখিব ।

কোহলীয়ে বৰ্তমান আই পি এল-১৪ৰ দ্বিতীয় অংশৰ বাবে সাজু হৈ আছে। প্ৰতিযোগিতাখন ১৯ ছেপ্টেম্বৰৰ পৰা ইউ.এ.ই.ত আৰম্ভ হ’ব।