Local, Vocal, Global

অভয়াপুৰীৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ

অভয়াপুৰীৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ।

জালিয়াতিৰে ভূৱা মেডিকেল বিল উলিয়াই গ্ৰেপ্তাৰ অভয়াপুৰীৰ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী ।

প্ৰাপ্ত তথ্য অনুসৰি,

ভূৱা চিকিৎসা বিল জমা দি লাখ লাখ টকা আত্মসাত কৰিছিল অভয়াপুৰী বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলৰ কৰ্মচাৰী শুভেন্দ্ৰ ৰায় আৰু জয়ন্ত পাঠক নামৰ ব্যক্তি দুজনে।

শুভেন্দ্ৰ ৰায় আৰু জয়ন্ত পাঠক নামৰ ব্যক্তি দুজনে ভূৱা চিকিৎসা বিল জমা দি কিছুদিন পূৰ্বে বিদ্যুৎ পৰিষদৰ পৰা ক্ৰমে ৭,৯৩,১০৯ টকা আৰু ৯,৪০,৮৫৬ টকা উলিয়াই নিয়ে।

পৰবৰ্তী সময়ত কৰ্মচাৰী দুজনে দাখিল কৰা বিল ভূৱা বুলি প্ৰমাণিত হোৱাত সংমণ্ডলটোৰ সহকাৰী জেনেৰেল মেনেজাৰ ৰঞ্জনজ্যোতি দাসে কৰ্মচাৰী দুজনৰ বিৰুদ্ধে অভয়াপুৰী থানাত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত অভয়াপুৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৭১/৪৬৮/৪০৯/৩৪ ধাৰাত ৭২০/২১ নম্বৰত গোচৰ এটা ৰুজু কৰি তদন্ত আৰম্ভ কৰে অভয়াপুৰী আৰক্ষীয়ে।

আৰক্ষীয়ে গোচৰৰ অভিযুক্ত কৰ্মচাৰী দুজনৰ শুভেন্দ্ৰ ৰায় নামৰ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় যদিও আনজন অৰ্থাৎ জয়ন্ত পাঠক পলায়ন কৰে ।

 

পলাতক অভিযুক্ত জয়ন্ত পাঠকৰ সন্ধানত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।