Local, Vocal, Global

চাপৰৰ শালকোছাত পলাতক নাবালক দৰা

0 18

ৰাজ্যত পুনৰ বাল্য বিবাহৰ দৰে ঘটনা।

এইবাৰ ঘটনাৰ স্থান চাপৰৰ শালকোছা।

বিগত ৬ মাহত কেৱাটাও বাল্য বিবাহৰ দৰে ঘটনা একেখন জিলাতে।

নাবালক কইনা-নাবালক দৰা।

*চাইল লাণ্ডাইনে খবৰ পাই উদ্ধাৰ কৰিলে নাবালিকা কন্যাক, পলাতক নাবালক দৰা আশ্ৰাফুল।

ৰাজ্যত পুনৰ গা কৰি উঠিছে বাল্য বিবাহৰ দৰে ঘটনা। এইবাৰো ঘটনাৰ স্থান চাপৰ। উল্লেখ্য যে যোৱা সোমবাৰে চাপৰ শালকোছা আৰক্ষী চকীৰ অৰ্ম্তগত চৰুৱাখৰাত বিলাসীপাৰাৰ হাকামাৰ নিবাসী সাহাদত আলী নাবালিকা কন্যাৰ লগত চাপৰ শালকোছা আৰক্ষী চকীৰ অন্তৰ্গত চৰুৱা বাখৰাৰ সাইজুদ্দিনৰ নাবালক পুত্ৰ   আশ্ৰাফুলৰ কোৰ্ডত চুক্তি পত্ৰ হৈ যায়।

যদিও আইনক আন্ধোকাৰত ৰাখি দৰা-কইনাৰ পৰিয়ালৰ উভয়ৰে গোপন আলোচনা মৰ্মে অতি গোপনে বিবাহ কাৰ্য্যও সম্পন্ন হৈ যায়। দুই নাবালিকাৰ গোপনে বিবাহৰ খবৰ ধুবুৰীৰ চাইল্ডলাইনে  লাভ কৰে।

চাইল্ডলাইনৰ গোপন সূত্ৰৰ পোম খেদি শালকোছা আৰক্ষীৰ সহয়োগত ধুবুৰীৰ চাইল্ডলাইন আহি উপস্থিত হয় নাবালক দৰা আশ্ৰাফুলৰ ঘৰত। চাইল্ড লাইণ্ডে নাবালক দৰাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নাবালিকা কন্যা গৰাকীক।

এতিয়া প্ৰশ্ন হয় চৰকাৰ আৰু শিশু সুৰক্ষা সমিতিৰ লগতে বিভিন্ন সংগঠনে বাল্য বিবাহ ৰোধৰ বাৱে সময়ে-সময়ে বিভিন্ন পন্থা হাতত লৈছে যদিও এতিয়াও কিন্তু বাল্য বিবাহৰ দৰে ঘটনা হ্ৰাস কৰিব পৰা নাই।

বিজ্ঞান আৰু প্ৰয়ুক্তি বিদ্যাৰ এই জয়-জয়, ময়-ময়ৰ দিনতো ৰাজ্যত সংগঠিত হোৱা বাল্য বিবাহৰ ঘটনায় কিন্তু জিলাখনক চিন্তিত কৰি তুলিছে। চৰকাৰ,প্ৰশাসন অথবা বিভিন্ন দল সংগঠনে ৰাজ্যৰ বাল্য বিবাহৰ দৰে ঘটনা ৰোধ কৰাৰ বাৱে কি ব্যবস্থা হাতত লয় সেয়া হব লক্ষ্যনীয়।

Leave A Reply

Your email address will not be published.