Local, Vocal, Global

ছমৰীয়া শালমাৰা মৰাকলহীত একে লগে দুটা দুস্প্ৰাপ্য মৃত শিহু উদ্ধাৰ

বকোৰ ছমৰীয়া অবৈধ বালিখননৰ ভয়াৱহ ছৱি ৷ ছমৰীয়া শালমাৰা মৰাকলহীত একে লগে দুটা দুস্প্ৰাপ্য মৃত শিহু(RIVER DOLPHIN) উদ্ধাৰ ৷

পুৱাতে নদীৰ বুকুত ওপঙী থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ ততালিকে স্থানীয় ৰাইজে নদীৰ পৰা মৃত শিহু দুটি উদ্ধাৰ কৰি আনে। ৰাইজৰ অভিযোগ ছমৰীয়াৰ পৰা শালমাৰত দিনে নিশাই চলাই আছে অবৈধ বালি খনন ৷

স্থানীয় ৰাইজে বালি তোলা মেচিনৰ কোবত মৃত্যু হোৱা বুলি দাৱী কৰে। বন বিভাগক মেনেজ কৰি চলাই আহিছে এই বালিৰ ব্যবসায় ৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰাকলহী নদীক শিহুৰ চৰন ভুমি হিচাপে চিহ্নিত কৰি বালা খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল ৷