Local, Vocal, Global

“মাডাৰ্ছ অল্ড এজ হোম’ৰ” ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ হাতীগাওঁৰ সিজুবাৰীস্থিত ‘মাডাৰ্ছ অল্ড এজ হোম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ ঘটনা দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

‘মাডাৰ্ছ অল্ড এজ হোম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ২০১২চনৰ ২১ জুনত এই বৃদ্ধাশ্ৰমখন স্থাপন কৰা হৈছিল।আঁৰত আছিল এজন যুৱক উৎপল হৰ্ষবৰ্ধন।তেওঁ সংগী কৰি লৈছিল আন এগৰাকী যুৱতী মনিকা শৰ্মাক।মনালিছা ছ’চাইটিৰ নামত আৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনৰ জৰিয়তে উৎপল-মনিকাই মানুহৰ পৰা কেৱল আদায় কৰিছিল মৰম-চেনেহ আৰু আশীৰ্বাদ।

তেওঁলোকৰ আলপৈচানতে বহুতে জীৱনৰ অন্তিম বয়সত ঘূৰাই পাইছিল চৰম সুখ।এতিয়া সংঘাতে বৃদ্ধাশ্ৰমখনত থকা ৭০ গৰাকী ককা-আইতাৰ মনত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ সৃষ্টি কৰিছে। অবশেষত এই বিবাদে অন্য ৰূপ লোৱাৰ আগতেই মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰি তৎকালীন তদন্তৰ বিচাৰিছে ৷