Local, Vocal, Global

ক’ভিড-১৯ ভেকছিন ছেপ্টেম্বৰ মাহৰ পৰা শিশুসকলৰ বাবে উপলব্ধ হ’ব 

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে ক’ভিড-১৯ ভেকছিন, কভাক্সিন অনুমোদিত হোৱাৰ সম্ভাৱনা আছে।বুধবাৰে এই কথা জনালে দিল্লীৰ ‘অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ’ (এইমছ্)ৰ প্ৰধান ৰণদীপে গুলেৰিয়াই । তেওঁ কয়, প্ৰথম ভাৰতীয় ক’ভিড প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ‘ভাৰত বায়’টেকে’ শিশুসকলৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে। আগন্তুক ছেপ্টেম্বৰৰ ভিতৰতে প্ৰতিষেধকবিধৰ মানৱ দেহত পৰীক্ষণ (হিউমেন ক্লিনিকেল ট্ৰায়েল) সম্পন্ন হ’ব । সেই মাহতেই প্ৰতিষেধক প্ৰদানৰ অনুমতিও দিব পাৰে । তেওঁ লগতে কয় যে, যোৱা সাত জুনৰ পৰা শিশুসকলৰ ক’ভেক্সিনৰ ‘হিউমেন ক্লিনিকেল ট্ৰায়েল’ আৰম্ভ হৈছে । এই প্ৰতিষেধকৰ কাৰ্যকাৰিতা দেখা গৈছে দুইৰ পৰা ১৭ বছৰ বয়সীয়াসকলৰ শৰীৰত। আনহাতে বিশেষজ্ঞ সকলে কোৱাৰ দৰে ক’ভিড-১৯ৰ তৃতীয় ঢৌৱে শিশুসকলৰ ক্ষেত্রত বিশেষ কোনো কঠিনতা দেখা নিদিব বুলি ডাঃ গুলেৰিয়াই কয়।