Local, Vocal, Global

কঁঠাল গুটিৰ পুষ্টিগুণ আৰু স্বাস্থ্যজনিত লাভৰ কথা জানিলে আচৰিত হ’ব

বৰ্তমান আমাৰ সমাজত কঁঠালৰ বতৰ।কঁঠাল স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিসমৃদ্ধ এবিধ ফল বুলি প্ৰায় সকলোৱে জানে। কিন্তু কঁঠালৰ গুটিও স্বাস্থ্যৰ বাবে বৰ মূল্যবান খাদ্য।কঁঠালৰ গুটি স্বাস্থ্য সমৃদ্ধ।ইয়াৰ লাভালাভবোৰ জানি লওঁ আহক-

১.কঁঠালৰ গুটিয়ে কুষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰী ফাইবাৰে পাচন সমস্যা সমাধান কৰে।

২.ইয়াৰ মেংগানিজে তেজ গোট মৰা প্ৰতিৰোধ কৰে।

৩.কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঁঠাল গুটি পুৰি খালে যৌনশক্তি বৃদ্ধি পায়।

৪.ইয়াৰ প্ৰটি’নে পেশী নিৰ্মানত সহায় কৰে(শৰীৰ চৰ্চা বা বডী বিল্ডাৰ)সকলৰ বাবে দৰকাৰী।

৫.মুখৰ ছাল উজ্জ্বল কৰিবলৈ গুটিৰ বাকলি সমূহ ভালদৰে পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেষ্ট বনাই মুখত লেপিব।শুকালে কুহুমীয়া গৰম পানীৰে ধুব।

৬.ই আপোনাৰ ইমিউন চিষ্টেম শক্তিশালী কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৭.কঁঠালৰ গুটিয়ে কৰ্কট ৰোগৰ পৰাও সুৰক্ষিত কৰে।

৮.ৰিংকলচ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আঁচোৰ নিৰাময় কৰে।

৯.ইয়াৰ ভিটামিন-এ য়ে চুলিৰ স্বাস্থ্য উন্নত কৰে।

১০.লগতে ভিটামিন-এ ৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।